স্প'কেন ইংলিছ, পাব্লিক স্পিকিং, কৰ্প'ৰেট কমিউনিকেচন কৌশল প্ৰশিক্ষণ প্ৰতিষ্ঠান ' কথা ' মুকলি
সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ বিভিন্ন বয়সৰ ছাত্ৰ- ছাত্ৰীৰ লগতে প্ৰাপ্ত বয়স্ক লোকৰ বাবেও সততে সন্মুখীন হোৱা এটা সমস্যা হৈছে শুদ্ধ ৰূপত ইংৰাজী কথোপকথন আৰু ৰাজহুৱা মঞ্চত কথা কোৱা। বিশেষকৈ অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰাসকলৰ ইংৰাজী লিখা বা পঢ়াত কোনো ধৰণৰ সমস্যা নহয় যদিও ইংৰাজী কোৱাৰ ক্ষেত্ৰত কিছু সংকোচবোধ হোৱা দেখা যায়। সাম্প্ৰতিক সময়ত ডাঙৰ ডাঙৰ কৰ্প'ৰেট গোষ্ঠীত কাম কৰিবলৈ যাওঁতেও প্ৰয়োজন হয় সলসলীয়াকৈ ইংৰাজী ক'ব পৰাৰ দক্ষতা। এই ক্ষেত্ৰত বহু লোকে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ বিচাৰে যদিও গোলাঘাটত তেনে প্ৰশিক্ষণ গ্ৰহণ কৰিব পৰা ব্যৱস্থা বিশেষ নাই। এনে প্ৰেক্ষাপটত নতুন প্ৰজন্মৰ দুগৰাকী উচ্চ শিক্ষিত, প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষয়িত্ৰী আগবাঢ়ি আহি গোলাঘাটৰ ছাত্ৰ ছাত্ৰী আৰু সকলো প্ৰাপ্তবয়স্ক লোকৰ বাবে আৰম্ভ কৰিছে ' কথা ' নামেৰে এক প্ৰশিক্ষণ প্ৰতিষ্ঠান। KOTHA ( Key Oration in Teaching Higher Aptitude) প্ৰশিক্ষণ প্ৰতিষ্ঠানখন কালি মুকলি কৰা হয় গোলাঘাট জাতীয় বিদ্যালয়ত। গোলাঘাট জাতীয় বিদ্যালয়ৰ স্প'কেন ইংলিছ বিষয়ৰ শিক্ষয়িত্ৰী অংগৰিকা সভাপণ্ডিত আৰু বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী তথা নৱনিযুক্ত শিক্ষয়িত্ৰী ঋত্বিকা হাজৰিকাই আৰম্ভ কৰা এই প্ৰতিষ্ঠানখনে তিনি মহীয়া পাঠ্যক্ৰম আগবঢ়াইছে য'ত স্প'কেন ইংলিছ, কৰ্প'ৰেট এণ্ড বিজনেছ কমিউনিকেচন, ব্যক্তিত্ব বিকাশ আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। মুকলি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি তথা বিশিষ্ট নিবন্ধকাৰ ডাঃ অজিত বৰুৱা। বিদ্যালয়ৰ অধ্যক্ষা স্মৃতিৰেখা বৰা, শৈক্ষিক ন্যাসৰ সম্পাদক তথা বিদ্যালয়ৰ উপাধ্যক্ষা বনশ্ৰী কাকতিকে ধৰি কেইবাগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানত নতুন প্ৰজন্মৰ দুই শিক্ষয়িত্ৰীয়ে আৰম্ভ কৰা এই ' কথা ' ই গোলাঘাটৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে।
অনুষ্ঠানত গোলাঘাট জাতীয় বিদ্যালয়ৰ উপৰিও গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি গোলাঘাটৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু অভিভাৱক তথা শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে। অহা ২ মে' ৰ পৰা প্ৰতি শনি আৰু দেওবাৰে পাঠদান হ'ব লগীয়া এই প্ৰতিষ্ঠানত নামভৰ্তিৰ প্ৰ পত্ৰ দি থকা হৈছে।


No comments