Breaking News

সৰুপথাৰতো অবৈধ কাঠফলা কলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান



ডিজিটেল সংবাদ, সৰুপথাৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি অবৈধ কাঠফলা কলৰ বিৰুদ্ধে বন বিভাগে চলোৱা ব্যাপক অভিযানৰ অংশ হিচাপে বুধবাৰে সৰুপথাৰ সমজিলাৰ বিভিন্ন স্থানত গোলাঘাট জিলা বনবিভাগে এক অভিযান আৰম্ভ কৰিছে।

জানিব পৰা মতে জিলাখনৰ বন সুৰক্ষাৰ দ্বায়িত্বত থকা বিষয়াবৰ্গৰ নেতৃত্বত বিভাগটোৰ এটা বৃহৎ দলে আজি সমজিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই এই বাতৰি যুগুতোৱাৰ পৰলৈকে কাঠফলাৰ কামত ব্যৱহাৰ কৰা এটা কলৰ বিভিন্ন যন্ত্ৰপাতি আৰু আন কেইবাঠাইতো ফালিবলৈ জমা কৰি থোৱা কাঠৰ কুণ্ডা জব্দ কৰে। 

শেহতীয়া তথ্য অনুসৰি দলটোৱে প্ৰায় পাঁচটা স্থানত অভিযান চলাই যদিও বেছিভাগতে দলটো উপস্থিত হোৱাৰ পূৰ্বে মেচিন সমূহ খুলি পেলোৱা বুলি প্ৰকাশ। ইতিমধ্যে জব্দ কৰা কাঠৰ কুণ্ডা সমূহ আৰু একাংশ যন্ত্ৰপাতি বৰপথাৰ নগৰত থকা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ চৌহদত জমা কৰা বুলি জানিব পৰা গৈছে। বিভাগটোৰ এক সূত্ৰ অনুসৰি এই অভিযান কালিলৈও অব্যাহত থাকিব। অৱশ্যে আজি বিভাগটোৱে চলোৱা অভিযানত সমজিলাখনৰ বিভিন্ন স্থানত অবৈধ কাঠফলা কল চলি থকা বুলি বিভিন্ন সময়ত উত্থাপিত হৈ অহা অভিযোগৰ সত্যতা নিশ্চিত কৰা বুলিও স্থানীয় বিভিন্ন জনে আলোচনা কৰিছে।

No comments