Breaking News

গোলাঘাটত মণিকাঞ্চন কলা নিকেতনে আয়োজন গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি



ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটত মণিকাঞ্চন কলা নিকেতনে আয়োজন কৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত বিধান সভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালা–২০২৬ বুধবাৰে সফলতাৰে সামৰণি পৰে।  ১৫ জুলাইৰ পৰা অনুষ্ঠিত এই ১৫ দিনীয়া কৰ্মশালাত শতাধিক শিশুৱে সংগীত, নৃত্য, অভিনয় আদি বিভিন্ন সাংস্কৃতিক বিষয়ত প্ৰশিক্ষণ লাভ কৰে। ৰাজ্যজুৰি শিশু-কিশোৰৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ লক্ষ্যৰে এনে কৰ্মশালাৰ আয়োজন কৰা হৈছে। 

সামৰণি অনুষ্ঠানত আয়োজক সমিতিৰ বিষয়ববীয়া, জিলা প্ৰশাসনৰ প্ৰতিনিধি, প্ৰশিক্ষক, অভিভাৱক আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে কৰ্মশালাত শিকি অহা নৃত্য, সংগীত আৰু অভিনয় পৰিৱেশন কৰি উপস্থিত দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে।



অনুষ্ঠানত বক্তাসকলে কয় যে, এনে গ্ৰীষ্মকালীন কৰ্মশালাই নতুন প্ৰজন্মক অসমৰ সমৃদ্ধ সংস্কৃতিৰ সৈতে পৰিচিত কৰাৰ লগতে তেওঁলোকৰ সৃজনশীলতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰিব। সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে আয়োজকসকলে সকলো প্ৰশিক্ষক, অভিভাৱক আৰু সহযোগীসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

No comments