জুবিন দিৱস উপলক্ষে পূৰ্বাঞ্চল সমন্বয় মঞ্চ The NER Forum For Unity ৰ অনলাইন সভা
ডিজিটেল সংবাদ, গুৱাহাটীঃ সামাজিক, সাহিত্য আৰু সংস্কৃতিৰ মঞ্চ পূৰ্বাঞ্চল সমন্বয় মঞ্চ (The NER Forum For Unity)-ৰ উদ্যোগত ২০ ছেপ্টেম্বৰত ‘জুবিন দিৱস’ উপলক্ষে এখন অনলাইন সভা অনুষ্ঠিত হয়। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভুৱনেশ্বৰৰ কেইবাগৰাকীও সতীৰ্থই সভাখনত অংশগ্ৰহণ কৰি প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ গীত, কবিতা আৰু বক্তব্যৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সভাখনত একেদিনাই অসমৰ আন এগৰাকী বৰেণ্য সংগীতজ্ঞ জয়ন্ত হাজৰিকাৰ ৮৩সংখ্যক জন্মজয়ন্তী উপলক্ষে শিল্পীগৰাকীলৈও গীত আৰু কথাৰে শ্ৰদ্ধা নিবেদন কৰা হয়।
সভাৰ আৰম্ভণিতে পূৰ্বাঞ্চল সমন্বয় মঞ্চৰ প্ৰতিষ্ঠাপিকা তথা লেখিকা মণি গোস্বামীয়ে দুয়োগৰাকী বৰেণ্য শিল্পীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি সভাৰ উদ্দেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰে। লেখিকা মালবিকা শৰ্মাৰ সাৱলীল সঞ্চালনাৰে আগবঢ়া প্ৰায় দুঘণ্টীয়া অনুষ্ঠানটোৰ আৰম্ভণিতে লেখক ডাঃ চিন্তামণি হাজৰিকাই গীতৰ মাধুৰ্যৰে দুয়োগৰাকী শিল্পীলৈ শ্ৰদ্ধা নিবেদন কৰে। সু কবি চিত্তৰঞ্জন লিগিৰাই জুবিন গাৰ্গৰ কবিতা পাঠেৰে অনুষ্ঠানটোক এক আবেগঘন আৰু মননশীল পৰিৱেশ প্ৰদান কৰে।
অনুষ্ঠানত মঞ্চৰ সক্ৰিয় সতীৰ্থ ছৰিফুজ জামান, ৰঞ্জুলা শৰ্মা, বুলবুল শৰ্মা, কল্পনা হাতীবৰুৱা, পাপৰি গোস্বামী, কল্পনা দত্ত, সবিতা ৰায়, অনিল ডেকা, পাপৰি দেৱী, আম্বিয়া বেগম, বিপুল চন্দ্ৰ দাস, চয়নিকা শইকীয়া, সৃষ্টি দাস আৰু ছায়াবালা বৰ্মনে জুবিন গাৰ্গ আৰু জয়ন্ত হাজৰিকাৰ কবিতা,গীত আদি পৰিৱেশনেৰে সন্ধিয়াটি জীপাল কৰি তোলে।
শেষত সকলোৱে একেলগে ‘মায়াবিনী’ গীতটি পৰিৱেশন কৰি দুয়োগৰাকী শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠানৰ সামৰণি মাৰে।

No comments