নুমলীগড় শোধনাগাৰত অনা-অসমীয়া পুঁজিপতিৰ নিৱনুৱাক ভাতে মৰাৰ ষড়যন্ত্ৰ
ডিজিটেল সংবাদঃ অসম চুক্তিৰ আধাৰত স্থাপিত একমাত্র উদ্যোগ নুমলীগড় শোধনাগাৰত একাংশ অনা-অসমীয়া পুঁজিপতি গোষ্ঠীয়ে ৰাজ্যখনৰ নিৱনুৱা যুৱক-যুৱতী সকলৰ মূৰত মাধমাৰ সোধাই কেৱল পুঁজিপতি সকলৰ স্বাৰ্থত কাম কৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদ অসম গোলাঘাট জিলা সমিতিয়ে।
শেহতীয়াকৈ নুমলীগড় শোধনাগাৰৰ অধীনত ভাৰত পেট্রলিয়াম ক'ৰ্পৰেশ্যন লিমিটেড (BPCL) য়ে ৩১৪ খন তেল টেংকাৰ চলাবলৈ চুক্তিবদ্ধ হৈছে। এই ক্ষেত্রত বি.পি.চি.এল. এ একাংশ ধনী শ্ৰেণীৰ লোকক টেংকাৰ চলাই থকা অথবা বর্তমান কমেও আগতীয়াকৈ ৩ খন টেংকাৰ ক্ৰয় কৰিব পৰা লোককহে নতুন নিবিদাত স্থান লাভ কৰিব পাৰিব বুলি এক নিয়মাৱলী প্ৰস্তুত কৰিছে। এনে সিদ্ধান্তই নিৱনুৱা যুৱক-যুৱতী সকলক বঞ্চিত কৰাৰ কৌশল ৰচনা কৰিছে । গতিকে বি.পি.চি.এল.ৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধীতা কৰি বি.পি.চি.এল. আৰু এন.আৰ.এল কর্তৃপক্ষক কঠোৰ ভাৱে সকীয়াই দিয়ে সংগঠনটোৱে । আজি এক স্মাৰক পত্ৰ প্ৰদান কৰি অহা
৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দি টাইপা গোলাঘাট জিলা সমিতিয়ে নিবিদাৰ নীতি সংশোধন কৰাৰ দাবী জনায়। টাইপা গোলাঘাট জিলা সমিতিৰ মুখ্য উপদেষ্টা পূৰ্ণ ৰাজখোৱা ভাৰপ্ৰাপ্ত সভাপতি বিমান বৰুৱা কাৰ্যকৰী সভাপতি মনোজ গগৈ সাধাৰণ সম্পাদক মুকুন্দ গগৈ স্বাক্ষৰিত স্মাৰক পত্ৰ খনত আৰু কোৱা হয় যে- যদিহে নিৱনুৱা যুৱক-যুৱতী সকলৰ প্ৰতি ন্যায় আৰু সহানুভুতি দৃষ্টিভংগী গ্ৰহণ নকৰে তেতিয়া টাই আহোম যুৱ পৰিষদ, অসম, গোলাঘাট জিলা সমিতিয়ে নিৱনুৱাৰ অধিকাৰক লৈ স্বচ্ছতা আৰু ন্যায় সংগত অধিকাৰৰ দাবীত সংগ্ৰাম তীব্ৰতৰ কৰি তুলিব। বিপিচিএল এ
ইতিমধ্যে তিনিখন বা তাতকৈ অধিক টেংকাৰ থকা ব্যক্তি সকলহে অগ্ৰাধিকাৰ লাভ কৰিব বুলি দিয়া নীতি নিয়ম প্ৰত্যাহাৰ কৰাৰ দাবী জনায়। লগতে প্ৰকৃত নিৱনুৱা আৰু আৰ্থিকভাৱে দুৰ্বল স্থানীয় যুৱক যুৱতী সকলক নিবিদাৰ প্ৰক্ৰিয়াত বিশেষ অগ্ৰাধিকাৰ দিয়াৰ সুযোগ প্ৰদান কৰা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে কেৱল সংৰক্ষণৰ সুবিধা প্ৰদান কৰিলেই নহ'ব প্ৰকৃত নিৱনুৱা সকলক এই সুবিধাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ প্ৰত্যাহাৰ কৰা, সামাজিক দায়বদ্ধতা
আঁচনিৰ অধীনত টেংকাৰ চলাই থকা সকলৰ সৈতে গোপন বুজাবুজি আৰু পক্ষপাতিত্ব অভিযোগৰ নিৰপেক্ষ তদন্তৰ দাবী জনায়, ইয়াৰোপৰি প্ৰস্তাৱিত নিবিদাৰ নীতি নিয়ম অতি শীঘ্ৰে সংশোধন কৰি স্বচ্ছ আৰু নিকা ভাৱে নিবিদাৰ ব্যৱস্থা কৰি সকলোৰে বাবে সুযোগ প্ৰদান কৰাৰ দাবী জনায় স্মাৰক পত্ৰ প্ৰদান কৰে। গোলাঘাট জিলা আয়ুক্তৰ জৰিয়তে প্ৰদান কৰা এই স্মাৰক পত্ৰৰ প্ৰতিলিপি ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উদ্যোগ মন্ত্ৰী বিমল বৰা বিপিচিএলৰ সঞ্চালক আৰু নুমলীগড় শোধনাগাৰৰ সঞ্চালকলৈ প্ৰেৰণ কৰে। এই স্মাৰক পত্ৰ প্ৰদান অনুষ্ঠানত টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অৰূপ গগৈ সহকাৰী সম্পাদক জিতু গগৈ আৰু হৰি সন্দিকৈয়ে অংশগ্ৰহণ কৰে।

No comments