ডি.ডি.আৰ. কলেজত ‘চেতনা সম্ভাৰ’ উন্মোচন
ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ চাবুৱাৰ ডি. ডি. আৰ. কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগে বিভাগীয় ছাত্ৰ-ছাত্ৰীসকলৰ লেখাৰে ২০২৫ বৰ্ষৰ পৰা ‘চেতনা সম্ভাৰ’ নামেৰে এখন গ্ৰন্থ প্ৰকাশ কৰি আহিছে। ‘চেতনা সম্ভাৰ’ৰ দ্বিতীয় সংখ্যাটো ৬ নবেম্বৰত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ডি. ডি. আৰ. কলেজৰ অধ্যক্ষ ড° প্ৰদীপ বড়াই। ৰাজনীতি বিজ্ঞান তথা সমাজৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সামৰি প্ৰস্তুত কৰা এই গ্ৰন্থখনৰ মুখ্য সম্পাদক হৈছে লক্ষীনন্দন বৰগোহাঞি আৰু সম্পাদক ড° প্লাবিতা দাস। সহযোগী সম্পাদক ৰনেন্দ্ৰ খাউণ্ড আৰু মিনাক্ষী দত্ত। সমাজৰ বিভিন্ন বিষয়বস্তু সহজ-সৰলভাৱে ছাত্ৰ ছাত্ৰী সকলৰ মাজত উপস্থাপন, চৰ্চা কৰাৰ লক্ষ্যৰে গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে। ‘চেতনা সম্ভাৰ’ ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞান সন্মান বিষয়ৰ আটাইকেইটা ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ লেখাৰে প্ৰস্তুত কৰা এখন গ্ৰন্থ। সামাজিক, ৰাজনৈতিক, ইতিহাস, পৰ্য্যটন, সংস্কৃতি, ক্ৰীড়া, বিজ্ঞানমনস্কতা, কৃষি, পৰিবেশ, কৃত্ৰিম বুদ্ধিমত্তা আদি বিষয়, চিন্তা আৰু সমস্যাৰাজীৰে সৈতে যাতে ছাত্ৰ-ছাত্ৰীসকল পৰিচিত হয় তথা বিষয়বোৰ চৰ্চা আৰু ধাৰণা প্ৰাপ্তি কৰি তেওঁলোক সমৃদ্ধ হয় সেয়া গ্ৰন্থখনৰ প্ৰধান উদ্দেশ্য। ছাত্ৰ-ছাত্ৰীসকলৰ পঠন-লিখন অভ্যাস গঢ়া আৰু জ্ঞান-বৰ্ধনৰ বাবে এই প্ৰয়াসে সহায় কৰিব বুলি শিক্ষকসকলে আশা প্ৰকাশ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ব্যৱহাৰ এই ক্ষেত্ৰত গুৰুতৰ প্ৰত্যাহ্বান হিচাপে ঠিয় দিছে সেই কথাও ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থখনৰ মাধ্যমেৰে অবগত কৰা হৈছে। গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে উপাধ্যক্ষা ড° ননীৰূপা চেতিয়া, মৃদুস্মিতা ঘৰফলীয়া, ড° চেৰ্মিলী টেৰাংপী, ড° নিকী বৰুৱা, উপাসনা ফুকন, গাৰ্গী দত্ত, বিনীতা দে আৰু স্মিতা ৰাণী শৰ্মা মহন্ত।

No comments