গোলাঘাটত ফিজিক্স অলিম্পিয়াড সম্পন্ন : ডেৰ শতাধিক ছাত্ৰ -ছাত্ৰী অৱতীৰ্ণ
সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ পদাৰ্থ বিজ্ঞান বিষয়টোক ছাত্ৰ -ছাত্ৰী সকলৰ মাজত জনপ্ৰিয় কৰি তোলাৰ লগতে বিষয়টোৰ ওপৰত অধিক অধ্যয়ন আৰু চৰ্চাৰ এক পৰিবেশ সৃষ্টি কৰাৰ উদ্দেশ্যে অসম পদাৰ্থ বিজ্ঞান সমিতিৰ উদ্যোগত আজি ৰাজ্যজুৰি অনুষ্ঠিত কৰা হয় 'ফিজিক্স অলিম্পিয়াড' শীৰ্ষক পৰীক্ষা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাট সদৰতো এই পৰীক্ষা অনুষ্ঠিত হৈ যায়।
গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ কেন্দ্ৰত অসম পদাৰ্থ বিজ্ঞান সমিতি গোলাঘাট শাখাই অনুষ্ঠিত কৰে অষ্টম বাৰ্ষিক ফিজিক্স অলিম্পিয়াড পৰীক্ষা। গোলাঘাট জাতীয় মহাবিদ্যালয় পৰীক্ষা কেন্দ্ৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত ডেৰ শতাধিক ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয়। কেন্দ্ৰ সমন্বয়ক তথা ফৰকাটিং পলিটেকনিক প্ৰতিষ্ঠানৰ প্ৰবক্তা গৌতম বৰতামুলীয়ে জনায় যে বিগত বৰ্ষসমূহৰ তুলনাত এইবাৰ পৰীক্ষাৰ্থীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ মুৰব্বী শিৱ প্ৰসাদ বৰাই কয় যে পদাৰ্থ বিজ্ঞানৰ দৰে এটা জটিল বিষয়ৰ এনে ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকল আগবাঢ়ি অহা কথাটোৱে এক ইতিবাচক বাৰ্তা বহন কৰিছে।
মন্দিৰা গগৈ, ধ্ৰুৱজ্যোতি ৰাজখোৱা, নীহাৰিকা হাজৰিকা আদি কেইবাগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে আজিৰ এই ফিজিক্স অলিম্পিয়াড সুচাৰুৰূপে পৰিচালনা কৰাত সক্ৰিয় সহযোগিতা আগবঢ়ায়।


No comments