Breaking News

ক্ষুদ্ৰ চাহ খেতিয়ক সকললৈ কি আহ্বান জনালে চাহ উদ্যোগপতি ৰাখী দত্ত শ‌ইকীয়াই




সন্মানীয় খেতিয়ক সকল..

নমস্কাৰ গ্ৰহণ কৰিব । আপোনালোকৰ নিশ্চয় অৱগত হৈছে যে বৰ্ত্তমান চাহৰ বজাৰ খন খুব বেয়া ধৰণে নিম্ন মুখী হৈছে । 

আমি যি চাহ  উৎপাদন কৰিছো সেই চাহ আমি উচিত মূল্যত বিক্ৰী  কৰিবলৈ আমাক এখন বৃহৎ বজাৰ লাগিব । অসমৰ চাহৰ নাম বৃহত্তৰ ভাৰতবৰ্ষৰ লগতে বিশ্বতে জনাজাত ।

কিন্ত্ত অতি পৰিতাপৰ বিষয় যে যোৱা বছৰৰ পৰা কৰণা মহামাৰীৰ বাবে ভাৰতৰ অৰ্থনৈতিক অৱস্হা তথৈবচ । 

এই ব্যবসায় মন্দ অৱস্হাৰ বাবে খেতিয়কৰ পৰা উদ্যোগীলৈ বৃহত লোকচানৰ সন্মুখীন হব লগাত পৰিছে .

সেই পৰিপেক্ষিতত চাহৰ বজাৰ খন নিম্ন মুখী হৈ পৰিছে । বহু ৰাজ্যৰ বিশেষ কৈ গুজৰাট ৰাজস্হান মহাৰাষ্ট্ৰ বন্ধ হৈ থকাৰ বাবে বৃহত ক্ষতিৰ সন্মুখীন হৈছে । চাহ নিলাম কেন্দ্ৰত প্ৰতি সপ্তাহে চাহৰ মূল্য নিম্ন হৈ গৈ আছে ।বৰ্ত্তমান  ভাল চাহৰ বজাৰ খন কিছু উন্নত হৈ আছে . কিন্ত্ত বজাৰ এতিয়া বেয়া চাহৰ বাবে  নহয় সেই বাবে  চাহ খেতিয়ক আৰু চাহ ফেক্টৰীবোৰ সচতেন হবৰ হ'ল .

ভাল চাহ বনাবলৈ আপোনালোকে চাহ বাগিচাৰ পাত তুলিব লাগিব ৬ বা ৭ দিনৰ ভিতৰত । আপোনালোকক কেঁচাপাতৰ উচিত দাম তেতিয়াহে দিব পৰা যাব যদি চাহ পাতৰ উচিত সময়ত  ছিঙা যায়। 

আজি আপোনালোক আৰু  বহু চাহ ফেক্টৰী দোষী এই বাবেই কওঁ যে সময়ত চাহ পাত নিছিঙি দীঘল প‍াত হোৱালৈ ৰৈ থাকে  সেই পাত ফেক্টৰীবোৰে  লৈ থাকে বাবে বেয়া চাহ বনাই বজাৰ খন নিম্ন মানদণ্ডৰ সন্মুখীন কৰিছে ।

অন্যফালে ফেক্টৰীবোৰে বহুত চাহ  মজুত ৰাখিবলৈ বাধ্য হয় কিয়নো চাহ বনোৱা খৰচতকৈ কম হাৰত বা মূল্যত চাহ বিক্ৰী কৰিবলগীয়া হোৱাত   লোকচানৰ সন্মুখীন হৈ আহিছে।


আজি আমি সংকল্প বদ্ধ হব লাগিব ...প্ৰথম কথা ভাল চাহৰ দাম আছে নাম আছে..

অৰ্থাত্ ...এটি কলি দুটি পাতৰ তৈয়াৰী চাহ বাগিচাই ভাল দাম পায় ....

চাহ উদ্যোগৰ ভবিষ্যত্ চাহ খেতিয়ক সকলৰ ওপৰতে নিৰ্ভয়শীল ..

বৰ্ত্তমান উৎপাদন খৰচ বাঢ়ি আহিছে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ লগে লগে আৰু তেল, গেছ ,কয়লা আৰু বিদ্যুতৰ মূল্য বৃদ্ধিৰ প্ৰভাব চাহ প্ৰস্ত্ততত  পৰিছে। 

চাহ উৎপাদনৰ খৰচ বৃদ্ধিৰ বাবে  চাহৰ দাম উঠিব লাগিব । চাহ নিলাম কেন্দ্ৰৰ নিম্ন মুখী ধাৰাটোক ৰুধিবলৈ আহক! আমি আমাৰ চাহৰ পথাৰ খন উন্নত কৰো ।

আমি চৰকাৰ বা চাহ  প্ৰস্ত্তত কাৰখানাবোৰক দোষী কৰি আমাৰ ক্ষুভ উজাৰিলে কোনো সমস্যা  সমাধান নহব । 

অসমৰ চাহৰ মানদন্ড উন্নত কৰিবলৈ আমাৰ হাততে আছে ছাবি-কাঠি । উজনি অসমৰ চাহ খেতি প্ৰচুৰ হোৱা জিলা কেইখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকল  চাহ প্ৰস্ত্ততকাৰী কাৰখানা সমূহ (যি সকলে কেঁচা চাহ ক্ৰয় কৰে)

চাহ পাত কিনা-বেচা মধ্যভোগী সকলৰ প্ৰতি বিনম্ৰ অনুৰোধ 

সকলো যেন বৰ্ত্তমান যি পৰিষ্টিতিৰ সন্মুখীন হৈ আছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ ঐক্যবদ্ধ হব লাগিব । 

 আমাৰ আশা আমাৰ উদ্দেশ্য এক সুদুৰপ্ৰসাৰি চিন্তা আগত ৰাখিছো এই বাবে যে  এগৰাকী চাহ প্ৰস্ত্তত কাৰী হৈ নিজে সন্মুখীন হোৱা চাহৰ বজাৰ খনৰ বৰ্ত্তমান পৰিষ্টিৰ বাবে ভোক্তভোগী  হৈ আহ্বান কৰিছো ...


আহক। প্ৰকৃত সময়ত প্ৰকৃত বিপ্লব কৰো...

চাহ পাত (৬ বা ৭ দিনৰ ভিতৰত) ছিঙো...পাত চিঙাৰ অজুহাত বোৰ একষৰীয়া কৰি ,প্ৰকৃত খেতিয়কৰ পৰিচয় দাঙি ধৰি  এক নেতিবাচক  দিশৰে আগুৱাই যাওঁ। 

আহক! এক যুগাত্মক সেউজ বিপ্লবৰ সূচনা কৰো ..


ধন্যবাদ


ৰাখী দত্ত শইকীয়া 

চাহ উদ্যোগী

গোলাঘাট

No comments