Breaking News

বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন



অজন্তা তালুকদাৰ,বোকাখাত: বোকাখাতৰ শৈক্ষিক ইতিহাসৰ ধ্বজা বহনকাৰী তথা মহকুমাটোৰ উচ্চশিক্ষাৰ অগ্ৰণী অনুষ্ঠান বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস যোৱা ২৪ জুলাই তাৰিখে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৷ মহকুমা প্ৰশাসনৰ অনুমতি সাপেক্ষে ক’ভিড বিধি পালন কৰি অনলাইন আৰু অফলাইন উভয় ব্যৱস্থাৰে দিৱসটোৰ মুঠ তিনিটা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

এই মৰ্মে পুৱা মহাবদ্যালয়ৰ পতাকা উত্তোলন কৰে উপাধ্যক্ষ মানসী ফুকনে আৰু মহাবিদ্যালয়ৰ দাতা শ্ৰী শ্ৰী যোগানন্দ দেৱ গোস্বামীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় জ্যেষ্ঠ কৰ্মচাৰী দুলু বৰাই ৷ সন্ধিয়া মহাবিদ্যালয়ৰ চৌহদত ৫৭ গচি বন্তি প্ৰজ্বলন কৰে ছাত্ৰ একতা সভাৰ সভাপতি দীপজ্যোতি সুবেদী আৰু সাধাৰণ সম্পাদক চন্দন দাসে ৷ তিনিওটা কাৰ্যসূচী পৰিচালনা কৰে সহযোগী অধ্যাপক তথা শিক্ষক গোটৰ সভাপতি সুবোধ বৰাই ৷ লগতে দিনৰ ভাগত এক অনলাইন প্ৰীতি সন্মিলনৰো আয়োজন কৰা হয় ৷ 

সহযোগী অধ্যাপক প্ৰশান্ত ফুকনে সঞ্চালনা কৰা সন্মিলনখন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে উদ্বোধন কৰে আৰু প্ৰাক্তন ছাত্ৰ তথা খাগৰিজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° সাগৰ বৰুৱাই মুখ্য অতিথিৰূপে উপস্থিত থাকে ৷ দাতা পৰিয়ালৰ সদস্য বিদ্যানন্দ গোস্বামীয়ে অংশ গ্ৰহণ কৰি যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামীৰ মহানুভৱতা শ্ৰদ্ধাৰে সোঁৱৰে ৷ সহযোগী অধ্যাপক কমল গগৈয়ে ক’ভিড পৰিস্থিতিত ঘৰতে আৱদ্ধ হৈ থকা ছাত্ৰ ছাত্ৰীসকলক সৃষ্টিশীল কামত নিজকে ব্যস্ত ৰাখিবলৈ আহ্বান জনায় ৷ প্ৰাক্তন ছাত্ৰৰ তৰফৰ পৰা ৰফিউল হুছেইন আৰু সুব্ৰত পুৰকায়স্থই বক্তব্য ৰাখে আৰু কেইবাগৰাকী শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷ 

উপস্থিত সকলোৱেই টকিঅ’ অলিম্পিকলৈ যোৱা মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ শিক্ষাৰ্থী লাভলিনা বৰগোহাঁইৰ সফলতা কামনা কৰে ৷

No comments