Breaking News

গোলাঘাট জিলাৰ ১ % ৰ বিপৰীতে বোকাখাতত কভিড পজিটিভিটিৰ হাৰ ২.১৬, ৩ টা স্থানত বাহাল আছে মাইক্ৰকন্টেইনমেন্ট জ'ন

 



অজন্তা তালুকদাৰ, বোকাখাত:  ৰেড জ'নত থকা গোলাঘাট জিলাৰ বোকাখাত মহকুমাত কভিড পজিটিভিটিৰ হাৰ যোৱা এমাহ ধৰি বৃদ্ধি হৈ কথাৰ পাছত আজি ২.১৬ লৈ হ্ৰাস পাইছে । 

উল্লেখ্য যে আজি গোলাঘাট জিলাখনতে কভিড আক্ৰান্তৰ হাৰ ১% হোৱাৰ বিপৰীতে বোকাখাত মহকুমাত ২.১৬ হোৱাত মহকুমাটোতে কভিডক লৈ উদ্বিগ্নতাৰ সৃষ্টি হৈছে। কভিড আক্ৰান্ত লোকৰ সংখ্যা আজি ৯ জন। পজিটিভিটিৰ হাৰ যোৱা ছয়দিনৰ ক্ৰমে, ২.৪৪, ৩.৪৮, ৭.০২, ২.২৯, ২.০ আৰু আজি ২.১৬ আছিল। চাকৰীয়াল সকলৰ বাদে জীৱন যাপনৰ সকলো দিশ স্তব্ধ হৈ পৰা মহকুমাটোত কভিডক লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে। আজি ৰেট আৰু আৰ টি পি চি আৰ লৈ মুঠ পৰীক্ষা ৪১৬ জনৰ কৰা হৈছিল আৰু তাৰে ৯ জনৰ পজিটিভ ধৰা পৰে। 

বোকাখাত মহকুমাৰ বৰ্তমানো ৰৌদুৱা পথাৰ, গৰৈমাৰি আদি ৩টা অঞ্চল কণ্টেইনমেন্ট জ'ন হৈ আছে । বৰ্তমানলৈকে ৩১ জন ক'ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে বহিঃৰাজ্যত থকা মহকুমাটোৰ ৪ জন লোকৰ ক'ভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷ কভিডৰ দ্বিতীয়টো লহৰত মহকুমাটোত মুঠ ৰেট টেষ্টত ৭৪,৪৬৮ আৰু আৰ টি পি চি আৰ ৫,৯৫১ জনৰ, মুঠতে ৮০,৪১৯ জনৰ কভিড পৰীক্ষা কৰা হৈছে ৷ মহকুমাটোৰ মুঠ আক্ৰান্ত লোকৰ সংখ্যা ৪,৬২৮ ।

উল্লেখ্য যে মহকুমাটোৰ বহু কেইটা স্থানৰ চুবুৰী বা গাঁৱৰ সৰহসংখ্যক কভিড পজিটিভ ওলাইছিল আৰু বৰ্তমান সেইসমূহ কণ্টেইনমেন্ট জ'ন হৈ আছে। আজি বোকাখাত চিকিৎসালয়ৰ কভিড কেয়াৰ কেন্দ্ৰত ৭৩ গৰাকী, গাঁৱৰ কেন্দ্ৰত ৭৮, চাহ বাগিচাৰ কভিড কেয়াৰ কেন্দ্ৰত ৬৩ আৰু নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত ১৬ জন ভৰ্তি হৈ থকাৰ লগতে হোম কোৱাৰেণ্টাইনত আছে ১৫ জন।

এই সময়চোৱাত কভিড চিকিৎসা লৈ ৪৩৯৪ জন লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে। আজি বোকাখাতত ৪৫ বছৰৰ উৰ্ধৰ ৫২৩ জনক আৰু ১৮ বছৰৰ উৰ্ধৰ ১৪৭৭ জনক ধৰি মুঠ ২০০০ জনক আৰু সৰ্বমুঠ ৬২৯৫১ জনক ভেকচিন প্ৰদান কৰা হয়। কালি বোকাখাতৰ নাহৰজান বাগিছা আৰু নিকৰি ধনশিৰি দুয়োটা অঞ্চলতে চিন্তনীয়ভাৱে ২২ জন লোক কভিড আক্ৰান্ত হৈছিল যদিও আজি বোকাখাতৰ কোনো একেটা অঞ্চলতে সৰহকৈ আক্ৰান্ত হোৱাৰ তথ্য আহি পৰা নাই।

No comments