Breaking News

গোলাঘাটৰ বাবে ভাল খবৰ। হ্রাস পাইছে কভিড সংক্ৰমণ



ডিজিটেল ডেস্কঃ আজি জিলাখনত নতুনকৈ ৫০ জন লোকৰ শৰীৰত ধৰা পৰে ক'ভিডৰ অৱস্থিতি। জিলাখনত আক্রান্তৰ সংখ্যা ১৭,০৬৪ জনলৈ বৃদ্ধি পালে। ইয়াৰে সক্ৰিয় আক্রান্তৰ সংখ্যা ১০২২ গৰাকী। বৰ্তমান হোম আইচ'লেচনত ৮৪ গৰাকীৰ বিপৰীতে চিকিৎসালয়ত ২৬০ আৰু কভিড কেয়াৰ চেণ্টাৰত আছে ৬৭৮ গৰাকী। 

আজিৰ দিনটোত কভিডত আক্রান্ত হৈ ৪ জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ জিলাখনত ১ এপ্রিলৰ পৰা আজি পৰ্যন্ত ১৫৭ জন কভিডত আক্রান্ত হৈ মৃত্যু হয়। 

১৬৪ গৰাকী ৰোগীয়ে  আজিৰ দিনটোত  আৰোগ্য লাভ কৰিছে। আজিৰ দিনটোত পজিটিভিটিৰ হাৰ ১ %।

No comments