Breaking News

টকিঅ' অলিম্পিকৰ বক্সিং ৰিঙত অপ্ৰতিৰোধ্য হৈ ৰ'ল অসম কন্যা লাভলীনা বৰগোহাঁই



টকিঅ' অলিম্পিকত ইতিহাস ৰচিলে লাভলীনাই। পদক নিশ্চিত কৰিলে লাভলীনাই। টকিঅ' অলিম্পিকৰ ৬৯ কেজি শাখাৰ বক্সিং ৰিঙৰ কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেৰ চেন নিয়েন চিনক পৰাস্ত কৰি ছেমী ফাইনেলত অসম কন্যা লাভলীনা। 

উল্লেখ্য যে, আজিৰ খেলখন লাভলীনাৰ বাবে আছিল অতিকৈ কষ্টকৰ। কিয়নো আজিৰ প্ৰতিদ্বন্দী চেন নিয়েন চিনৰ হাতত পূৰ্বতে তিনিবাৰকৈ পৰাস্ত হৈছিল লাভলীনা। কিন্তু পূর্বৰ পৰাজয়ৰ পোতক  তুলিবলৈকে যেন দৃহমনা হৈছিল লাভলীনা। ৪-১ ব্যৱধানত পৰাজয় স্বীকাৰ কৰিলে চেন নিয়েন চিনে। 




মন কৰিব লগীয়া যে, লাভলীনাই অলিম্পিকত ছেমী ফাইনেলত প্ৰৱেশ কৰা প্রথম মহিলা অসমীয়া ৰূপে পৰিগণিত হয়। অসম লৈ প্রথম অলিম্পিক মেডেল কঢ়িওৱাৰ দিশে লাভলীনা বৰগোহাঁই। লাভলীনাৰ জয়ত উৎফুল্লিত দেশ, ৰাজ্য তথা গোলাঘটীয়া ৰাইজ।

No comments