Breaking News

মন্ত্ৰী বিমল বৰাৰ ওপৰত ক্ষোভ উজাৰিলে কিয় অভিনেতা কমল লোচনে?

 


বিদ্যুতৰ লুকা-ভাকু অসমত একো নতুন কথা নহয়। কিন্তু বৰ্তমানৰ ড০ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কিন্তু বিদ্যুত বিভাগটোৰ প্ৰতি অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে। বিমল বৰাই শক্তি মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত অধিক সক্ৰিয়ৰূপে বিভাগটোৰ কাম-কাজ পৰ্যালোচনা কৰা দেখা গৈছে। বিশেষকৈ বিদ্যুৎৰ মাচুল সংগ্ৰহৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে। 

 কিন্তু ইমান দায়িত্বশীল মন্ত্ৰীগৰাকীৰ প্ৰতি কিয় মুকলিকৈ ক্ষোভ উজাৰিলে জনপ্ৰিয় অভিনেতা কমল লোচনে। যুৱ প্ৰজন্মৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে সঘনাই বিদ্যুত কৰ্তন হোৱাক লৈ শক্তিমন্ত্ৰী বিমল বৰাক উদ্দেশ্যি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচণ্ড খং কৰা পৰিলক্ষিত হ’ল। 

ৰাজ্যৰ জনসাধাৰণে প্ৰচণ্ড গৰমত সঘন বিদ্যুত কৰ্তন হৈ থকাৰ বিৰুদ্ধে  বিভিন্ন সময়ত বিভাগটোত অভিযোগ দি অহাৰ পাতছো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ দীৰ্ঘদিনীয়া। এইবাৰ এনে অভিজ্ঞতাৰ সন্মুখীণ হ’ল অভিনেতা কমল লোচন। 

সেয়েহে অভিনেতাগৰাকীয়ে শক্তি বিভাগ আৰু বিভাগীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মুকলি ক্ষোভ উজাৰি ফেছবুকত লিখিলে এইদৰে–

"BIMAL BORAH  Sir, মই পূব শৰণীয়াত থাকো.. ইয়াত এদিন কাৰেণ্ট যোৱাটো বেলেগ কথা.. কিন্তু সদায় ৰাতিপুৱা 4/5 বজাতেই 2/3 ঘণ্টাৰ কাৰণে কাৰেণ্ট কিয় কটা হয় ??? আপোনাৰ ফেচবুক পেজৰ cover photo ত 'কামেই পৰিচয়' বুলি লিখা দেখিলো..  কি কমেণ্ট দিওঁ ভাবি পোৱা নাই.. কিবা এটা কৰক সোনকালে..APDCLত কল কৰিলে কয়, maintenance চলি আছে.. সদায় সদায় কিডাল maintenance হে?? আনকি দিনটো বহুবাৰ কাটে.. যিবোৰ কাৰণ দিয়ে গ্রহণযোগ্য নহয়..   বৰষুণৰ এটা টোপাল মাটিত নপৰোতেই কিয় কাৰেণ্ট কাটি দিয়া হয় ?? যদি ইমানেই লোডশ্বেদিংৰ পোকে ধৰিছে, যদি চৰকাৰৰ বিদ্যুৎ বিভাগৰ নামত পইচা নাই, সৌৰশক্তিৰ ব্যৱস্থা কৰক.. বিদ্যুৎ বিভাগ নামত আছে অসমত.. কামত নাই.. কি কৰিলে বিভাগটোৰ গা লৰিব বাৰু ??? Electricity Bill লোৱাৰ সময়ত লাজ নালাগে ???? Shame on your Department."

 


No comments