Breaking News

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভুমুকি মাৰিব অভিনেত্ৰী সুৰভি দাসে



অতি সোনকালেই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভুমুকি মাৰিব অসমৰ অন্য এগৰাকী প্ৰতিভাশালী, উদীয়মান অভিনেত্ৰী সুৰভি দাসে। Colors টিভিৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগমন ঘটিব অসমৰ জীয়াৰী সুৰভি দাসৰ। 

 Colors টিভিৰ উদ্যোগত উত্তৰ-পূৱ অঞ্চলৰ যুৱতীৰ কাহিনীৰ ওপৰত আধাৰিত ‘নিমা ডেনজংপা’ শীৰ্ষক ধাৰাবাহিকখনত দেখা পোৱা যাব অভিনেত্ৰীগৰাকীক। 

সুৰভি দাস হৈছে অসমৰ  এগৰাকী জনপ্ৰিয়  ধাৰাবাহিকৰ অভিনেত্ৰী । সুৰভিয়ে অসমৰ  একাধিক ধাৰাবাহিকত কৰা অভিনয়ৰ জৰিয়তে নিজৰ প্ৰতিভা আৰু দক্ষতাৰে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।



সুৰভিয়ে এই সুযোগ লাভ কৰাৰ পাছত নিজৰ মনৰ কথা ফেচবুকত প্ৰকাশ কৰিছে– সপোন বোৰ দেখিছিলো কেতিয়াবা সঁচা হব বুলি , কিন্তু এনেকৈ যে ভগৱানে উপহাৰ দিব ভবাই নাছিলোঁ। 



No comments