Breaking News

স্বামী ৰাজ কুন্দ্ৰাৰ কৰ্মৰ প্ৰভাৱ পৰিছে পত্নী অভিনেত্ৰী শিল্পা শেট্টীৰ কেৰিয়াৰত



এতিয়া স্বাভাৱিকতে শিল্পাৰ অনুৰাগীৰ বাবে বেয়া খবৰ। ছনীৰ ডান্সিং ৰিয়েলিটী শ্ব’ ‘ছুপাৰ ডান্সাৰ চেপ্টাৰ ৪’ত ‘ছুপাৰ ছে ভী উপৰ’ ডায়লগেৰে প্ৰতিযোগীৰ মনোবল বৃদ্ধি কৰা বিচাৰক শিল্পা শেট্টীক দেখা নাযাব জনপ্ৰিয় ডান্সিং ৰিয়েলিটী শ্ব’ত।

স্বামী ৰাজ কুন্দ্ৰাৰ কৰ্মৰ প্ৰভাৱ পৰিছে নেকি অভিনেত্ৰী শিল্পা শেট্টীৰ কেৰিয়াৰৰ ওপৰতো। ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শিল্পাই এৰিছে ‘ছুপাৰ ডান্সাৰ চেপ্টাৰ ৪’ৰ ডান্সিং ৰিয়েলিটী শ্ব’। শ্ব’টোৰ  আহিবলগীয়া খণ্ডসমূহত অতিথি বিচাৰকৰ চকীত দেখা নাযাব শিল্পাক। ইয়াৰ পিছতেই শেহতীয়া খণ্ডত দেখা পোৱা গ’ল অন্য এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰক। সেয়েহে এতিয়া সকলোৱে অনুমান কৰিছে যে, শ্ব’ৰ পৰা অব্যাহতি দিয়া হৈছে শিল্পাক। স্বামীৰ কৰ্মফল ভুগিছে পত্নী শিল্পাই । অৱশ্যে এই সন্দৰ্ভত কোনো অফিচিয়েল ষ্টেটমেণ্ট এতিয়াও পোহৰলৈ অহা নাই। 



খবৰ অনুসৰি ছুপাৰ ডান্সাৰ চেপ্টাৰ ৪’ৰ আহিবলগীয়া খণ্ডত অভিনেতা ৰিতেশ দেশমুখ আৰু তেওঁৰ পত্নী জেনেলিয়া ডিছ’জাক দেখা যাব। আনহাতে পূৰ্বৰ দৰেই গীতা কাপুৰ আৰু অনুৰাগ বাসুক শ্ব’ৰ বিচাৰক হিচাপে দৰ্শকে দেখা পাব। 

No comments