Breaking News

মৰঙি মৌজাত দৈনিক বৃদ্ধি পোৱা হস্তী-মানুহৰ সংঘাতক লৈ উদ্বিগ্ন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি




"মৰঙিত হস্তী-মানুহৰ সংঘাতে লৈছে ভয়াৱহ ৰূপ ৪৫ দিনত বন্যহস্তীৰ আক্ৰমণত ৪ গৰাকী নিৰীহ লোকৰ মৃত্যু,  ১১২ টা পৰিয়াল গৃহহীন"


ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙি মৌজাত দৈনিক বৃদ্ধি পোৱা হস্তী মানুহৰ সংঘাত আৰু বন্যহস্তীৰ উপদ্ৰৱত উদ্বিগ্ন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। 

বুধবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰঙি আঞ্চলিক সমিতিয়ে এক সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰ আৰু বন বিভাগক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বৃহত্তৰ মৰঙি মৌজাৰ হস্তী মানুহৰ সংঘাত আৰু বন্যহস্তীৰ উপদ্ৰৱে কিমান ভয়ংকৰ ৰূপ লৈছে তাৰ তথ্য সহকাৰে দাঙি ধৰে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰঙি আঞ্চলিক সমিতিৰ সভাপতি পিন্টু গগৈয়ে সম্বোধন কৰা সংবাদমেলত বিগত ৪৫ দিনৰ তথ্য প্ৰকাশ কৰি হাতীৰ আক্ৰমণত ৪ গৰাকী নিৰীহ লোকৰ মৃত্যু, ১১২ টা পৰিয়াল গৃহহীন হোৱাৰ উপৰিও মৰঙি ৰাজহ চক্ৰৰ ১১০ খন ৰাজহ গাঁৱৰ তিনিহাজাৰ বিঘাৰো অধিক কৃষিভূমিত খেতি নকৰি চন পেলাই থ’ব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বন্যহস্তীৰ উপদ্ৰৱ আৰু হস্তী মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত বা জলন্ত সমস্যাটোৰ বিষয়ে স্থানীয় বিধায়ক বিশ্বজিত ফুকনে বিধান সভাত চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ ক্ষেত্ৰত এটাও মাত নিদিয়াত বিধায়ক জনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি পিণ্টু গগৈয়ে সংবাদ মেলত উল্লেখ কৰে যে, 'বিধায়ক বিশ্বজিৎ ফুকনে বৃহত্তৰ মৰঙি মৌজাক সৰুপথাৰ সমষ্টিৰ অংশ বুলি নাভাবে নেকি? নিৰ্বাচনত, মৰঙি অঞ্চলৰ ৰাইজক লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কিয় বিধানসভাত মৰঙি অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰা বন্যহস্তীৰ উপদ্ৰৱ আৰু হস্তী মানুহৰ সংঘাতক লৈ মাত নামাতিলে? এক লাখৰো অধিক ভোটাৰ থকাৰ পিছতো কিয় বৃহত্তৰ মৰঙি মৌজাৰ সমস্যাক লৈ মৰঙি শব্দটোও বিধানসভাত উত্থাপন কৰা মৰঙিবাসীয়ে শুনিবলৈ নাপালে?" এনেধৰণৰ বিভিন্ন প্ৰশ্নই সৰুপথাৰ সমষ্টিৰ বিধায়ক গৰাকীক উভতি ধৰে ৷ আনহাতে মৰঙি অঞ্চলৰ বনাঞ্চল সমূহ বে-দখল কৰি বৃহৎ বৃহৎ চাহ বাগিচা প্ৰতিষ্ঠা কৰা, হাতীৰ অহা যোৱা পথত ব্যক্তিগত ফেক্টৰী স্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰ কিয় নীৰৱ বুলিও প্ৰশ্ন উত্থাপন কৰাৰ লগতে মৰঙি অঞ্চলৰ এসময়ত পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ অন্যতম মূল আশ্ৰয় স্থল বিজুলী বনাঞ্চল সম্পূৰ্ণৰূপে ধ্বংস কৰি বিজুলী বনাঞ্চলৰ পৰা বিজুলী বাগিচা স্থাপন কৰাত বন্যহস্তীৰ এনে ভয়ংকৰ উপদ্ৰৱ আৰু সংঘাত সৃষ্টি হৈছে যাৰ ফলত সৰ্বসাধাৰণ কৃষক শ্ৰমিক দিশহাৰা হৈ পৰিছে বুলি কয়। আনহাতে নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰত্যেক দিনাই বে-দখল আৰু বনদস্যুৰ দপদপনি বন বিভাগৰ পৃষ্ঠপোষকতাত চলি আছে বুলি অভিযোগ উত্থাপন কৰে । শীঘ্ৰেই এই বনাঞ্চল ধ্বংস যজ্ঞ বন্ধ কৰাৰ উপৰিও বনদস্যুৰ বিৰুদ্ধে কঠোৰ স্থিতি ল'বলৈ গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগক দাবী জনোৱাৰ লগতে হাতী মানুহৰ জলন্ত সমস্যাটোৰ স্থায়ী সমাধানৰ দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ 


ডেৰ লক্ষাধিক জনসংখ্যাৰে পৰিবেষ্টিত বৃহত্তৰ মৰঙি মৌজাক শীঘ্ৰেই বন্যহস্তীৰ উপদ্ৰৱৰ পৰা নিৰাপত্তা প্ৰদানৰ দাবী জনোৱাৰ লগতে অসমৰ চৰকাৰে বন্যহস্তীৰ উপদ্ৰৱ আৰু হস্তী মানুহৰ সংঘাত বিষয়ত অভিজ্ঞ ব্যক্তিৰ দ্বাৰা, প্ৰয়োজন অনুসৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ সকলৰ দ্বাৰা বিশেষজ্ঞ সমিতি গঠন কৰি মৰঙি মৌজা পৰ্যবেক্ষণ কৰি বন্যহস্তী সমূহৰো নিৰাপত্তা আৰু  হস্তী মানুহৰ সংঘাত সম্পূৰ্ণৰূপে দূৰ কৰিবলৈ, এই ভয়ংকৰ সমস্যা স্থায়ীভাৱে সমাধান কৰিব পৰাকৈ অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে শীঘ্ৰেই পদক্ষেপ ল'ব লাগে বুলি দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ 

ইফালে মৰঙি মৌজাতে প্ৰতিষ্ঠিত নুমলীগড় শোধনাগাৰক হস্তী মানুহৰ সংঘাত নিৰাময়ৰ বাবে বিজ্ঞানসন্মত পদক্ষেপৰ লগতে ক্ষতিগ্ৰস্ত লোক সকলক আৰ্থিক সাহাৰ্য প্ৰদানৰো দাবী জনায়।আনহাতে যোৱা ৪৫ দিনৰ তথ্য অনুসৰি বন্যহস্তীৰ আক্ৰমণত গৃহহীন হৈ পৰা মৰঙি মৌজাৰ ১১২ টাৰো অধিক পৰিয়াল আৰু মৃত্যু হোৱা ৪ গৰাকী ব্যক্তিকে ধৰি বন্যহস্তীৰ উপদ্ৰৱত এই বৰ্ষত মৃত্যু হোৱা আৰু গৃহহীন হৈ পৰা বৃহত্তৰ মৰঙি মৌজাৰ প্ৰতিটো দূৰ্ভগীয়া পৰিয়ালক অসমৰ চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহাৰ্য দিবলৈ দাবী জনায়। এই ক্ষেত্ৰত অসম চৰকাৰে শীঘ্ৰেই ব্যবস্থা গ্ৰহণ নকৰিলে সমগ্ৰ বৃহত্তৰ মৰঙিবাসীৰ সহযোগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে ৷

No comments