Breaking News

ড্ৰেগন ফলৰ খেতিৰে সফলতাৰ বাট বুলিছে গহপুৰৰ ৰত্ন বছনেট আৰু দিগ বছনেটে

 


ড০ কাজুৰি শৰ্মা,গহপুৰঃ গহপুৰৰ টকৌবাৰী বালিগাঁৱৰ দুই ভাতৃয়ে ড্ৰেগন ফলৰ খেতিৰে আশাৰ ৰেঙণী কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। টকৌবাৰী বালিগাঁৱৰ দুই ভাতৃ ৰত্ন বছনেট আৰু দিগ বছনেটে দুবছৰ আগৰে পৰা আৰম্ভ কৰিছিল ড্ৰেগন ফলৰ খেতিৰ। অতি মূল্যবান তথা ঔষধি যুক্ত ফলবিধৰ খেতি কৰি প্ৰথম অৱস্থাৰ পৰাই সফলতা লাভ কৰিছে বছনেট ভাতৃদ্বয়ে।



ড্ৰেগন ফলৰ চাহিদা আৰু প্ৰতি কেজিৰ মূল্য ৫০০ টকাকৈ বিক্ৰী হোৱাৰ ফলত অতি কম সময়ৰ ভিতৰতে ৰত্ন বছনেট আৰু দিক বছনেটে প্ৰথম অৱস্থাৰ পৰাই ফল বিধ বিক্ৰী কৰি আৰ্থিক ভাবে লাভাম্বিত হ'বলৈ সক্ষম হৈছে। বছনেট ভাতৃদ্বয়ে বৰ্তমান ড্ৰেগন ফলৰ পুলি বিক্ৰীৰো ব্যৱস্থা আৰম্ভ কৰিছে। যদিহে কোনো লোকে এই খেতিৰ সৈতে জড়িত হ’ব বিচাৰে তেন্তে তেওঁলোকৰ সৈতে মোবাইল নম্বৰ  ৯১০১২১১৮৫৫ ত যোগাযোগ কৰিব পাৰিব।



No comments