Breaking News

বাঘজান কাণ্ডত ক্ষতিগ্ৰস্তই অইল ইণ্ডিয়াৰ পৰা সাহাৰ্য নোপোৱাটো দুৰ্ভাগ্যজনক, অইলে ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য দিয়া তালিকা ৰাজহুৱা কৰক

 



অপূৰ্ব বল্লভ গোস্বামী, পৰিৱেশকৰ্মী

বাঘজান কাণ্ডৰ এবছৰ অতিক্ৰম কৰাৰ পাছতো ক্ষতিগ্ৰস্ত বাঘজানবাসীয়ে ক্ষতিপূৰণ নোপোৱাটো এক দুৰ্ভাগ্যজনক। অইল ইণ্ডিয়াই বাঘজান কাণ্ডত ক্ষতিগ্ৰস্ত হোৱা ৰাইজক আৰ্থিক সাহাৰ্য দিয়া বুলি প্ৰচাৰ চলাই আহিছে যদিও আজি পৰ্যন্ত কিমান ক্ষতিগ্ৰস্ত ৰাইজক আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে তাৰ তালিকা আনুষ্ঠানিক ভাৱে ৰাজহুৱা কৰা নাই। এইলৈ বাঘজানবাসীয়ে নিজৰ প্ৰাপ্ৰ্যৰ দাবীত কৰা গণতান্ত্ৰিক আন্দোলনক ৰোধ কৰিবলৈ আৰক্ষীয়ে লাঠি­­ চালনা, ৰবৰ বুলেট নিক্ষেপেৰে চলোৱা নিৰ্যাতন গৰিহণাৰ যোগ্য ।

উল্লেখ্য যে ২০২০ বৰ্ষৰ ২৭ মে’ত বাঘজানত অইল ইণ্ডিয়াৰ ড্ৰিলিং ঠিকাদাৰ গুজৰাটৰ জ’ন এনাৰ্জীয়ে স্থাপন কৰা গেছ ৰীগত হঠাতে বিস্ফোৰণ ঘটাত অঞ্চলটোলৈ ভয়ানক বিপদ কঢ়িয়াই আনে৷ বিস্ফোৰণৰ ফলত ভয়ানক শব্দৰে অঞ্চলবাসীক আতংকিত কৰাৰ লগতে বিষাক্ত গেছ আৰু অত্যন্ত জ্বলনশীল কণ্ডেনচেট নিৰ্গত হৈ বাঘজানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ বাতাবৰণ দূষিত কৰে৷ যাৰ ফলত ২৯ মে’ত ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী চিড’ল-১ৰ অন্তৰ্গত দু্‌ষ্প্ৰাপ্য মৃত শিহু উদ্ধাৰ হোৱাৰ লগতে মাছ, কাছ আদি বহু জলচৰ প্ৰাণী মৃত্যুমুখত পৰে৷ ইয়াৰ লগতে বাঘজান অঞ্চলৰ গাঁওসমূহত গছ-গছনিকে ধৰি পুখুৰী, কুঁৱা আদিৰ পানত বিগত দিনকেইটাত অহৰহ নিৰ্গত হোৱা গেছে প্ৰদূষিত কৰি তোলে৷ বাঘজান, নতুন গাঁও, বাৰেকুৰী আদি গাঁৱৰ প্ৰায় ৭০০ ঘৰ পৰিয়ালৰ ৩০০০ লোকে আশ্ৰয় শিবিৰত আশ্ৰয় ল’ব লগা হৈছিল৷ অইল ইণ্ডিয়াৰ সম্পূৰ্ণ দায়িত্বহীনতাৰ বাবেই গেছ খাদটো বিস্ফোৰণ হ’বলৈ পালে৷ যদিও ব্যক্তিগত কোম্পানী জন এনাৰ্জীয়ে ৰীগ স্থাপন কৰিছিল নিৰীক্ষণৰ দায়িত্বত আছিল অইল ইণ্ডিয়াৰ বিষয়াসকল৷ গেছ অন্বেষনৰ বাবে ৰীগত ব্যৱহাৰ কৰিবলগা অত্যাৱশ্যকীয় ‘ব্ল আউট পিভেণ্টাৰ’ৰ স্থাপন নকৰাকৈ অত্যাধিক গেছ আহৰণৰ চেষ্টা কৰাৰ বাবেই এনে ভয়ংকৰ ঘটনা সংঘটিত হ’বলৈ পালে৷  

অইল ইণ্ডিয়াই জৈৱ-বৈচিত্ৰ্যপূৰ্ণ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে পৰিৱেশ বিনষ্ট কৰি কেনেকৈ তেল আৰু গেছ অন্বেষণ কৰাৰ সুযোগ লাভ কৰিলে? অইল ইণ্ডিয়াই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো কেৰেপ নকৰি অসম চৰকাৰৰ বিয়াগোম বন বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু স্থানীয় একাংশ লোকক মেনেজ কৰি বাঘজানত ৰীগ স্থাপনৰ লগতে ইপিএছ স্থাপন কৰিছিল৷ অইল ইণ্ডিয়াই পৰিৱেশ প্ৰভাৱ মূল্যাংকন আৰু সামাজিক প্ৰভাৱ মূল্যাংকন সন্দৰ্ভত কোনো গুৰুত্ব দিয়া দেখা নগ’ল৷ বাঘজানৰ জৈৱ-বৈচিত্ৰ্য, আৰ্থ-সামাজিক দিশত কু-প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা থকাৰ পিছতো অইল ইণ্ডিয়াই ৰীগ স্থাপন কৰি বহু বছৰৰ পূৰ্বে উক্ত অঞ্চলত তৈল গেছ অন্বেষন কাৰ্য আৰম্ভ কৰে৷ ইফালে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’চেনচিটিভ জ’নৰ অন্তৰ্গত অঞ্চলতে অইল ইণ্ডিয়াই তৈল আৰু গেছ খাদসমূহ স্থাপন কৰাটোও এক আশ্বৰ্যজনক৷ এইক্ষেত্ৰত নেচনেল ব’ৰ্ড ফ’ৰ ৱাইল্ড লাইফে এই অঞ্চলতে তৈল আৰু গেছ আহৰণ কৰিবলৈ অইল ইণ্ডিয়াক অনুমতি প্ৰদান কৰাৰ ঘটনাই স্পষ্ট কৰে যে কেন্দ্ৰই অসমৰ প্ৰাকৃতিক সম্পদ আহৰণতহে কেৱল গুৰুত্ব প্ৰদান কৰি আহিছে৷ একাংশ পৰিৱেশ সংগঠনে নিজৰ লাভালাভৰ বাবে এইক্ষেত্ৰত কোনোধৰণৰ বিৰোধিতা নকৰি অইলৰ কৰ্তৃপক্ষৰ ওচৰত সদায় নতশিৰ কৰি আহিছে৷ 


যোৱা ৮ জুনত যেতিয়া বাঘজানত উপস্থিত হৈছিলোঁ তৈলখাদটোত হোৱা বিকট শব্দই আতংকিত কৰি তুলিছিল৷ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ ঘৰ-দুৱাৰ, গছ-গছনি আদিত তেলৰ চেকুৰাই ছানি ধৰি জলবায়ু দূষিত কৰি তুলিছিল৷ বাঘজান দীঘলটৰং এম.ই স্কুল, বাঘজান চাহ বাগিচা চেণ্ট জচেফ স্কুল, দীঘলটৰঙৰ গেট লাইন এল.পি স্কুল আদি আশ্ৰয় শিবিৰত বহু লোকে অনি(য়তাৰ মাজেৰে দিন কটাইছিল৷ বাঘজান আৰক্ষী থানাত উপস্থিত হৈ অইল ইণ্ডিয়াৰ মুখ্য পৰিচালন সঞ্চালক সতীশ চন্দ্ৰ মিশ্ৰ, জন এনাৰ্জীৰ মুখ্য বিষয়া, ব্ল আউট পিভেণ্টাৰৰ দায়িত্বত থকা অইল ইণ্ডিয়া বিষয়াসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিলোঁ। আৰক্ষীয়ে ২৯/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰে যদিও আজি পৰ্যন্ত গোচৰ কেৱল গোচৰ হৈয়ে ৰ’ল।  



৯ জুনৰ দিনা দুপৰীয়া ১ বজাত হঠাতে খাদটো জ্বলি উঠি অঞ্চলটো ধবংসস্তূপত পৰিণত কৰে৷ দুজনকৈ অইল ইণ্ডিয়াত কৰ্মৰত অসমীয়া যুৱকে কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে অঞ্চলটোৰ বাসগৃহকে ধৰি, গছ-গছনি, পশুধন, শস্য পথাৰ আদিৰ বিস্তৰ ক্ষতিসাধন কৰে৷ সেইসময়ত প্ৰায় ৭ হাজাৰ লোক আশ্ৰয় শিবিৰত থাকিব লগা হৈছিল৷ উক্ত ঘটনাৰ পিছতে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অইল ইণ্ডিয়াৰ অবৈধ ২২টা তৈল খাদ ক্ল’জাৰ নটিচ জাৰি কৰি বন্ধৰ নিৰ্দেশ দিয়ে৷ কিন্তু ৰহস্যজনক বিষয় ক্ল’জাৰ নটিচ জাৰি কৰা ৪৮ ঘণ্টাৰ পাছতে প্ৰদূষণ পৰিষদ নিয়ন্ত্ৰণৰ দৰে এটা স্বতন্ত্ৰ্য সংস্থাই কাৰোবাৰ ধমকিত পুনৰ তৈলখাদ কেইটাৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা উঠাই লয়৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত জুই নিৰ্বাপন কৰিবলৈ গৈ অৰ্ণৱ কিশোৰ বৰদলৈ নামৰ অইলৰ এগৰাকী জ্যেষ্ঠ অভিযন্তাই প্ৰাণ হেৰুৱাব লগা হৈছিল৷ ১৭৪ দিনৰ অন্তত কানাডাৰ পৰা অহা বিশেষজ্ঞ দলে খাদটোৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ অইল ইণ্ডিয়াৰ এনে দায়িত্বহীনতা কাণ্ডৰ বাবেই বাঘজানবাসী দুৰ্ভোগ ভুগিব লগা হয়৷ অইল ইণ্ডিয়াৰ দায়িত্বহীনতাৰ বাবেই জৈৱ বৈচিত্ৰ্যপূৰ্ণ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰি মতাপুং বিলৰ পৰিৱেশ বিনষ্ট হৈ পৰিছে৷ এই পৰিৱেশ বিনষ্টৰ ক্ষেত্ৰত পৰিৱেশ বে-চৰকাৰী সংস্থা সমূহ ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰি আহিছে৷ অইল ইণ্ডিয়াই সকলোকে মেনেজ কৰি বাঘজানত তেওঁলোকৰ দপদপনি অব্যাহত ৰাখিছে৷ সেয়া বাঘজানবাসীৰ ওপৰত অইল ইণ্ডিয়াই অসম আৰক্ষীৰ জৰিয়তে লাঠি চালনা, ৰবৰ বুলেটেৰে কেইবাজনো লোকক আহত কৰা ঘটনাই প্ৰমাণ কৰে। এইল ইণ্ডিয়াৰ দৰে ৰাজহুৱা খণ্ডৰ উদ্যোগে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰা কাৰ্য দুৰ্ভাগ্যজনক। অইল ইণ্ডিয়াই তৎকালীনভাৱে ক্ষতিগ্ৰস্ত বাঘজানবাসীক উচিত ক্ষতিপূৰণৰ ব্যৱস্থা কৰক।

-ঃঃ-

No comments