Breaking News

"আমি আমাৰ সীমান্ত ৰক্ষা কৰিমেই। অসমৰ এক ইঞ্চি ভূমিও কোনেও কাঢ়ি নিব নোৱাৰে"-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা



"আমি আমাৰ সীমান্ত ৰক্ষা কৰিমেই। অসমৰ এক ইঞ্চি ভূমিও কোনেও কাঢ়ি নিব নোৱাৰে"। অসম আৰক্ষীৰ ওপৰত মিজোৰামৰ আক্ৰমণৰ পিছতে আজি এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।  এই ক্ষেত্ৰত অসম চৰকাৰ মিজোৰামৰ বিৰুদ্ধে উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ হোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

সোমাবাৰে অসম আৰক্ষীৰ ওপৰত চলা আক্ৰমণৰ পিছতেই অধিক সীমান্ত সুৰক্ষাৰ বাবে অধিক তৎপৰতা হৈ পৰিছে অসম চৰকাৰ। মিজোৰাম সীমান্ত ৪,০০০ কামাণ্ডো মোতায়েনৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। আজি এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে এক সংবাদমেল যোগে উল্লেখ কৰে যে- হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জত তিনিটা বেটেলিয়ন স্থাপন কৰিব অসম চৰকাৰে। 

মিজোৰামৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই ড০ শৰ্মাই কয় যে সীমান্তৰ ভূমি অসমৰ বনাঞ্চলৰ ভূমি আৰু ইয়াত কোনা আবাদীৰ ব্যৱস্থা কৰা নহয়। মুখ্যমন্ত্ৰী গৰাকীয়ে বেলেগৰ কথা শুনাৰ বিপৰীতে ছেটেলাইটৰ ছবি চালেই গম পাব আচলতে ক’ত ক’ত দখল হৈ আছে। এইক্ষেত্ৰত অসমৰ ভূমি মিজোৰামে দখল কৰা বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি উল্লেখ কৰাৰ লগতে মিজোৰামৰ সাধাৰণ লোকৰ হাতত অস্ত্ৰ-শস্ত্ৰ ক'ৰ পৰা আহিল সেই বিষয়েও অসম আৰক্ষীয়ে অনুসন্ধান কৰিব বুলি কয় ড০ শৰ্মাই। ইফালে এই সমগ্ৰ সীমা বিবাদৰ বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে যি পৰামৰ্শ প্ৰদান কৰিব সেই পৰামৰ্শ মতেই অসমৰ চৰকাৰ আগবাঢ়িব বুলিও লগতে উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। 


উল্লেখ্য যে এই আক্ৰমণত নিহত আৰক্ষী জোৱান পৰিয়াললৈ ৫০ লাখ টকাৰ ঘোষণা কৰাৰ লগতে প্ৰতিটো পৰিয়ালৰ এজনকৈ লোকক চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ লগতে  আহত ৪২ গৰাকী জোৱানলৈ ১ লাখ টকা এককলীন সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে। 

No comments