Breaking News

পুনৰ প্রকাশ পালে কোভিডৰ নতুন SOP, গোলাঘাটত, লক্ষিমপুৰত পূৰ্বৰ দৰেই বাহাল থাকিব নীতি-নিৰ্দেশনা



ৰাজ্যত প্ৰকাশ পালে কভিদৰ নতুন SOP , পূৰ্বৰ কণ্টেইমেণ্ট জন হিচাপে ঘোষণা কৰা ৫ জিলাৰ তিনি জিলাত শিথিলতা প্ৰদান কৰি বাকী দুখন জিলাত বাহাল ৰাখে পূৰ্বৰ নীতি-নিৰ্দেশনা। এইক্ষেত্ৰত যোৰহাট, বিশ্বনাথ, শোণিতপুৰত লকডাউন শিথিল কৰাৰ বিপৰীতে গোলাঘাট আৰু লক্ষিমপৰুত বাহাল থাকিব পূৰ্বৰ নীতি নিৰ্দশনা। এই জিলা দুখনত থাকিব সম্পূৰ্ণ কঠোৰতা।

কভিড পৰিস্থিতি উন্নত হোৱা যোৰহাট, বিশ্বনাথ, শোণিতপুৰত শিথিল কৰা হৈছে লকডাউন। এই জিলা তিনিখনত দিনৰ ২ বজালৈ শিথিল কৰা হৈছে কাৰ্ফিউ। যোৰহাট, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ। লগতে মৰিগাঁও আৰু গোৱালপাৰা জিলাতো দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ।

ইফালে কামৰূপ মহানগৰ জিলাকে ধৰি ২৫ খন জিলাত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব  কাৰ্ফিউ।

নতুন SOP অনুসৰি পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত ব্যৱস্থা। ৩১ জুলাইলৈ বাহাল থাকিব এই নিৰ্দেশনাসমূহ। এই সময়চোৱাত পূৰ্বৰ দৰেই বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান, সাপ্তাহিক বজাৰ আদি।

No comments