Breaking News

শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত মেছাগড় বৰপথাৰত পাইপ ফাটি খাৰুৱা তেল নিৰ্গত হয় পথাৰত



পাৰচিচ আহমেদ,শিৱসাগৰঃ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত মেছাগড় বৰপথাৰত পাইপ ফাটি খাৰুৱা তেল নিৰ্গত হয় পথাৰত। মেছাগড় বৰপথাৰৰ শ শ বিঘা মাটিত নিৰ্গত হয় বিষাক্ত খাৰুৱা তেল। ৰঞ্জিত বৰগোহাঁই নামৰ ব্যক্তি জনৰ খেতি পথাৰৰ পৰা এই বিষাক্ত খাৰুৱা  তেল নিৰ্গত হোৱাৰ ফলত নষ্ট হৈছে শ শ কৃষি ভূমি। স্থানীয় ৰাইজৰ সন্দেহ , এই ঘটনাৰ লগত বৃহৎ তেল চুৰৰ হাত আছে বুলি। অ এন জি চিৰ কিছুমান গাফিলতিৰ বাবে ঠায়ে ঠায়ে এনেদৰে পাইপ ফাটি গেছ আৰু বিষাক্ত খাৰুৱা তেল নিৰ্গত হয়।

No comments