Breaking News

পৰ্যটকৰ বাবে বন্ধ হ'ল চৰাইদেউৰ শিলঘাগৰি জলপ্ৰপাত

       


মৃত্যুঞ্জয় দাস,সোণাৰিঃ চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তত বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত হালোৱা খণ্ডৰ অধীনস্থ ৩,১০৮ হেক্টৰ মাটিৰ দিল্লী সংৰক্ষিত বনাঞ্চলত আছে নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ শিলঘাগৰি জলপ্ৰপাত। এক মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত পৰ্যটকৰ বাবে আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰা শিলঘাগৰি জলপ্ৰপাতৰ মনোৰম পৰিৱেশ উপভোগ কৰিবলৈ বহু দূৰদূৰণিৰ পৰ্যটক সদায় ইয়ালৈ আহে। 

      শেহতীয়াকৈ ইয়ালৈ অহা একাংশ যুৱক-যুৱতীয়ে জলপ্ৰপাতটো চোৱাৰ গয়না লৈ বনভোজস্থলীত  ৰাগিয়াল-মাদকদ্ৰব্য সেৱন কৰি অভদ্ৰ আচৰণ কৰি পৰিৱেশ বিনষ্ট কৰাৰ তথ্য পোহৰলৈ আহিছে ।শিলঘাগৰিত দুদিন পূৰ্বে   সাপেখাতীৰ এজন যুৱক দুৰ্ঘটনাগ্ৰস্ত হৈ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাত পৰ্যটকক বনবিভাগে বনাঞ্চলৰ ভিতৰলৈ যাবলৈ বাধাপ্ৰদান কৰি ঘূৰাই পঠিয়াই। লগতে বনাঞ্চলৰ একমাত্ৰ মুখ্য পথত "No Entry For Pinic  Point" বুলি ফলক আঁৰি থয়। 



        এই সন্দৰ্ভত হালোৱা খণ্ডৰ দায়িত্বত থকা বন বিষয়াজনে সংবাদমাধ্যমৰ আগত মন্তব্য দিবলৈ অমান্তি হয়। চৰাইদেউ জিলাৰ অন্যতম পৰ্যটন স্থলীত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা শিলঘাগৰিৰ পৰিৱেশ যাতে আগন্তুক দিনত কোনেও বিনষ্ট নকৰে তাৰ বাবে বিশেষ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে।

No comments