Breaking News

পৰম অক্ষৰ , পাপৰি শইকীয়া বৰা



পাপৰি শইকীয়া বৰা ।


তুমি অনুভৱৰ দুৱাৰ মেলি দিলা --- 

জাকি মাৰি উৰি আহিল সুগন্ধি পখিলা !

যেন  অবতৰতে নামি আহিল বহাগ !

শীৰ্ণ নদীত উপচি পৰিল বান !

অ' প্ৰিয়তম কবি  

কাৰ বুকুৰ জোনাকত গাধুই তোমাৰ কলমেৰে মুকুতা সৰে !

জোনাকত পোখামেলা গছৰ দৰে

 বুকুৱে বুকুৱে বগাই যায় সুগন্ধি শব্দ !

তোমাৰ চেতনাত ঝংকাৰিত হয় আমাৰ অলিখিত  গানবোৰ ! 

নিমজ স্বৰলিপিত বিচাৰি পাওঁ জীৱনৰ স্বৰগম !

তোমাৰ কবিতাই জানে প্ৰেম আৰু বিষাদৰ গান

জানে ধুমুহাৰ গান !

জানে মাটিৰ মানুহৰ প্ৰাণ!

অ' প্ৰিয়তম কবি !

তোমাৰ কবিতা শব্দৰ বিলাস নহয় ।

এয়া দেশৰ কন্ঠ -- এক নিঃশব্দ কলৰৱ 

আমাৰ চেতনাৰ চিৰন্তণ বৈভৱ !!!

 (হীৰেন ভট্টাচাৰ্যদেৱৰ ওপজা দিনত কবিজনক সুঁৱৰি )



No comments