Breaking News

টকিঅ’ত আজিৰ দিনটোত ভাৰতৰ ফলাফলৰ সবিশেষ




হকী: দিনটোৰ আৰম্ভণিতে ভাৰতৰ বাবে আহে বেয়া খবৰটো। মহিলা হকীৰ জৰিয়তে আহে এই খবৰটো।   পুল এৰ এখন মেচত ভাৰতৰ মহিলাৰ হকীৰ দলটো  গ্ৰেট ব্ৰিটেইনৰ লগত ৪-১ ব্যৱধানত পৰাস্ত হয়।


আৰ্চাৰী: আৰ্চাৰীৰ পুৰুষৰ একক শাখাত প্ৰথমে শীৰ্ষ ৩২ৰ ৰাউণ্ডত ভাৰতৰ তৰুণদ্বীপ ৰায়ে  জয়লাভ কৰে যদিও শীৰ্ষ ১৬ৰ ৰাউণ্ডত  ৫-৬ ব্যৱধানত পৰাস্ত হয় আৰ্চাৰী খেলুৱৈ গৰাকী। ঠিক  একেদৰে ভাৰতৰ আন এগৰাকী আৰ্চাৰী প্ৰবীণ যাদৱেও  শীৰ্ষ ৩২ৰ ৰাউণ্ড অতিক্ৰম কৰাৰ পিছত থমকি ৰ’ব লগা হয় শীৰ্ষ ১৬ ৰাউণ্ডত ।

ইফালে  মহিলাৰ একক শাখাত দীপিকা কুমাৰীয়ে মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি আৰ্চাৰীত আশাৰ ৰেঙণি কঢ়িয়াই আনে। দীপিকাই ভূটানৰ ভূ কৰ্নাক  শীৰ্ষ ৩২ৰ ৰাউণ্ডত অতি সহজেই পৰাস্ত কৰি শীৰ্ষ ১৬ ৰাউণ্ডৰ খেলত আমেৰিকান প্ৰতিদ্বন্দীক ৬-৪ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় দীপিকা কুমাৰীয়ে ।


বেডমিণ্টন: দিনটোৰ প্ৰথম ভাগত শ্বাটলাৰ পি ভি সিন্ধুই প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰি জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিছে।  সিন্ধুৱে হংকঙৰ প্ৰতিপক্ষ ২১-৯, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি শীৰ্ষ ১৬ ৰাউণ্ডত প্ৰৱেশ কৰি মেডেলৰ দিশে অগ্ৰসৰ হৈছে। ইফালে বেডমিণ্টনৰ পুৰুষ শাখাত ভাৰতৰ ছাই প্ৰণিথে গ্ৰুপ পৰ্যায়তে নেডাৰলেণ্ডৰ প্ৰতিপক্ষৰ হাতত পৰাস্ত হয়।


ৰোৱিং: ৰোৱিঙে আনিছে সফলতা। ৰোৱিঙত ভাৰতৰ যুটীটোৱে ষষ্ঠ আৰু ছেমি ফাইনেলত অন্তিম স্থান লাভ কৰি ফাইনেল ‘বি’লৈ উন্নীত হৈছে।


ছেইলিং: ছেইলিঙত ভাৰতৰ বৰুণ ক্ৰমে ১৮,১৭ আৰু ১৯ তম স্থানত ৰেচ সমাপ্ত কৰাৰ বিপৰীতে গণপথিয়ে ২,৩ আৰু ৪ সংখ্যক স্থান লাভ কৰি ৰেচ সমাপ্ত কৰে।


বক্সিং: বক্সিঙৰ মিডলৱেইট শাখাত বক্সাৰ পূজা ৰাণীয়ে আলজেৰিয়াৰ প্ৰতিপক্ষক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। । ভাৰতীয় বক্সাৰগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জজয়ী বক্সাৰ লি কীয়ানৰে মুখামুখি হোৱাৰ সম্ভাৱনা আছে।

No comments