Breaking News

মিজোৰাম সীমান্তৰ ঘটনাত আহত ৫ আৰক্ষীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি, জিএমচিএইচত দেখা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

 


ডিজিটেল সংবাদ,দিছপুৰঃ মিজোৰাম সীমান্তৱৰ্তী কাচাৰ জিলাৰ লাইলাপুৰত মঙ্গলবাৰে মিজোৰামৰ ফালৰ পৰা সংঘটিত গুলীচালনাৰ ঘটনাত আহত অসম আৰক্ষীৰ পাঁচগৰাকী বীৰ জোৱানক উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত শিলচৰৰ পৰা এয়াৰ এম্বুলেন্সেৰে গুৱাহাটীলৈ আনি জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ মাজৰে দুগৰাকী গোপেশ্বৰ সিনহা আৰু অচিত কান্তি দাসক যোৱা নিশাই জিএমচিএইচত ভৰ্তি কৰোৱাৰ পাছত আজি বিয়লি নগেন মেচ, দীপাংকৰ বৰা আৰু ৰামজী চৌহানকো ৰাজ্যৰ অগ্ৰণী চিকিৎসালয় খনলৈ স্নানান্তৰ কৰা হয়। জিএম চিএইচত ইতিমধ্যে বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেওঁলোকৰ জৰুৰী চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি আগবেলা জিএমচিএইচলৈ গৈ মিজোৰাম সীমান্তত আহত অসম আৰক্ষীৰ সাহসী জোৱানকেইগৰাকীৰ চিকিৎসাৰ বাবে জিএমচিএইচৰ ফালৰ পৰা গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লোৱাৰ লগতে যোৱা নিশাই চিকিৎসালয়খনত ভৰ্তি কৰা গোপেশ্বৰ সিনহা আৰু অচিত কান্তি দাসক দেখা কৰি দুয়োগৰাকী আহত জোৱানৰ খবৰ লয়। 

চিকিৎসাধীন আহত জোৱান দুগৰাকীক দেখা কৰাৰ সময়ত স্বাস্থ্যমন্ত্ৰী গৰাকীৰ সৈতে আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য আৰু জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাও। এই বীৰ জোৱানসকলৰ বাবে প্ৰয়োজনীয় জৰুৰী চিকিৎসা সেৱা আগবঢ়াবলৈ মন্ত্ৰী মহন্তই চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু জিএম চিএইচৰ অধীক্ষকক নিৰ্দেশ দিয়ে। ইফালে, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ স্থানান্তৰ কৰা অসম আৰক্ষীৰ এই বীৰ জোৱান কেইগৰাকীক পুনৰ সুস্থ কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো ধৰণৰ জৰুৰী চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত লোৱাৰ বিষয়ে স্বাস্থ্যমন্ত্ৰী মহন্তই সদৰি কৰিছে। মিজোৰাম সীমান্তৰ গুলীচালনাৰ ঘটনাত আহত অসম আৰক্ষীৰ বিষয়া- জোৱানসকলৰ সাহস আৰু কৰ্তব্যনিষ্ঠাৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ দ্ৰুত আশু আৰোগ্য কামনা কৰিছে।

No comments