Breaking News

ৰাজ্যৰ গ্ৰাম্যাঞ্চলত গঠন কৰা হৈছে পঢ়ুৱৈ সমিতিৰ

 


ৰমেন শইকীয়া, পশ্চিম যোৰহাট: অসম চৰকাৰৰ পুথিভঁৰাল সঞ্চালকালয়ৰ অধীনত ৰাজ্যত পৰিচালিত হৈ থকা ৰাজ্যিক, জিলা আৰু মহকুমা পুথিভঁৰালসমূহৰ তত্ত্ববধানত ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলত পৰিচালিত হৈ আছে ২০৪ টা গ্ৰাম্য পুথিভঁৰাল। এই পুথিভঁৰালকেইটাই সামৰি লোৱা এলেকাটোৰ প্ৰতিখন গাঁৱতে পুথিভঁৰাল সঞ্চালকালয়ৰ সঞ্চালকে প্ৰেৰণ কৰা নিৰ্দেশনাৰ ভিত্তিত গঠন কৰা হৈছে ৩ জনীয়াকৈ একোখন সমিতি। এই সমিতিখনে গাঁওখনৰ পঢ়ুৱৈসকলক গ্ৰন্থ অধ্যয়নৰ লগতে গ্ৰন্থৰ উৎস, গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তাৰ সম্পর্কত ৰাইজক বিশেষকৈ যুৱক-যুৱতী, কিশোৰ-কিশোৰী, শিশুসকলক উৎসাহিত কৰিব। 

উল্লেখ্য, জিলা, মহকুমা পুথিভঁৰালৰ উপৰি ৰাজ্যত পৰিচালিত হৈ থকা ২০৪ টা গ্ৰাম্য পুথিভঁৰাল আৰু প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়ৰলৈকে থকা পুথিভঁৰালসমূহলৈ চৰকাৰে যথেষ্ট গ্ৰন্থ প্ৰায় প্ৰতি বছৰে প্ৰদান কৰি থকাৰ লগতে গ্ৰন্থ ক্ৰয়ৰ বাবে ধনৰ যোগান ধৰি আহিছে। চৰকাৰে যোগান ধৰা গ্ৰন্থ অথবা প্ৰাপ্ত ধনেৰে ক্ৰয় কৰা গ্ৰন্থ নেমেলাকৈয়ে বছৰ বছৰ উক্ত পুথিভঁৰালসমূহৰ আলমিৰাত আছে। ইয়াৰে বহুতো মূল্যৱান গ্ৰন্থ ব্যৱহাৰৰ অভাৱত কীট-পতঙ্গই নষ্ট কৰা পৰিলক্ষিত হৈছে। ইফালে মানৱ সমাজত বৰ্তমান গ্ৰন্থ অধ্যয়নৰ প্ৰতি পূর্বতকৈ আগ্ৰহ কমি অহা দেখা গৈছে। 

সেয়ে চৰকাৰে ৰাজ্যৰ প্ৰতিখন গাঁৱতে পঢ়ুৱৈৰ সৃষ্টি, গ্ৰন্থ অধ্যয়নৰ প্ৰতি সকলোকে আগ্রহী কৰি তোলাৰ বাবে ৩ গৰাকীকৈ ব্যক্তিক লৈ একোখনকৈ পঢ়ুৱৈ সমিতি গঠন কৰিবলৈ নিৰ্দেশনা দিছে। গাঁও একোখনত বসবাস কৰি থকা, সমাজখনৰ উন্নয়নৰ বাবে নিঃস্বার্থভাৱে কাম কৰি থকা ব্যক্তিক লৈ এই সমিতিখন গঠন কৰা হৈছে। সমিতিখনত অন্তর্ভুক্ত কৰা সকল স্থানীয়ভাৱে পৰিচালিত হৈ থকা চৰকাৰী গ্ৰাম্য পুথিভঁৰালটোৰ পৰিচালনা সমিতিখনৰ সৈতে পোনপটীয়াকৈ জড়িত থকাৰ লগতে সেইসকল জিলা, মহকুমা, ৰাজ্যিক আৰু পুথিভঁৰাল সঞ্চালকালয়ৰ সৈতেও জড়িত হৈ থাকিব। সেইসকলৰ নাম আৰু যোগাযোগৰ সম্পূর্ণ ঠিকানা, দূৰভাষ নম্বৰসহ চৰকাৰৰ অধীনত পৰিচালিত হৈ থকা ৰাজ্যখনৰ সকলো পুথিভঁৰালতে থাকিব। 

ৰাজ্যখনৰ যিকোনো স্থানৰ পঢ়ুৱৈয়ে সেইসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। অবৈতনিকভাৱে সেৱা আগবঢ়াবলৈ ইচ্ছা কৰা সকলক ৰাজ্যত পৰিচালিত হৈ থকা ২০৪ টা গ্ৰাম্য পুথিভঁৰালত ককৰ্মীসকলৰ সৈতে যোগাযোগ কৰি সবিশেষ জানিবলৈ অসম চৰকাৰৰ পুথিভঁৰাল সঞ্চালকালয়ৰ সঞ্চালকে মুকলি আহ্বান জনাইছে।

No comments