Breaking News

ক্ৰমাৎ শান্তিৰ দিশে আগবাঢ়িছে অসম-নাগালেণ্ড সীমা সংঘাতময় পৰিৱেশ



অসম আৰু মিজোৰামৰ সীমা বিবাদকেন্দ্ৰীক আতংক অব্যাহত থকাৰ সময়তে  অসম-নাগালেণ্ড সীমান্তৰ মৰিয়নীৰ দিছৈভেলী সংৰক্ষিত বনাঞ্চলৰ সীমা সমস্যা শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ সন্মত হৈছে অসম-নাগালেণ্ড চৰকাৰ।

শনিবাৰে ডিমাপুৰৰ ছুমুকেডিমা আৰক্ষী কমপ্লেক্সত অনুষ্ঠিত হোৱা এক বৈঠকত নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী য়ানথাংগু পেট্টন আৰু অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ মাজত এখন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ হয় বুলি জনা গৈছে।

উল্লেখ্য যে, নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী পাট্টনে শুক্রবাৰে হেলিকপ্টাৰে অঞ্চলটো পৰিদৰ্শন কৰাৰ পাছত সীমান্তৰ পৰিস্থিতি জটিল হৈ পৰাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত আজি এক বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে দুয়োখন চৰকাৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।কাৰণ বিগত এবছৰ ধৰি মৰিয়নি দিছৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ আগ্ৰাসনকলৈ দুয়োখন ৰাজ্যৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছে। 

ডিমাপুৰৰ চুক্তিৰ প্ৰাথমিক তথ্য অনুসৰি মৰিয়নীৰ দিছৈভেলী সংৰক্ষিত বনাঞ্চল পৰা দুয়োখন ৰাজ্যই নিজৰ  নিজৰ আৰক্ষী শিবিৰ শীঘ্ৰে আঁতৰাই নিব ।



No comments