Breaking News

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৯.৩% নম্বৰেৰে উজ্বলিল টীয়কৰ অম্লানজ্যোতি শইকীয়া


অজয় দত্ত,টীয়কঃ আৰ্থিক দুৰাৱস্থাই কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে।তাক প্ৰমাণ কৰি দেখুৱালে যোৰহাট জিলাৰ অন্তৰ্গত টীয়ক মেলেং বালি চাপৰি বহত গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ ছাত্র অম্লান জ্যোতি শইকীয়াই। পিতৃ অজিত শইকীয়াই দিন হাজিৰা কৰে যদিও ছাত্র জনে একাগ্ৰতা আৰু ধৈৰ্য্যৰে  হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৯.৩ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।মেলেং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাট জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় অম্লান জ্যোতি শইকীয়া।

ছাত্রজনে নিতৌ পুৱা গধুলি অধ্যয়ন কৰাৰ লগতে মাক আৰু দেউতাকক সকলো কামতে সহায়ৰ হাত আগবঢ়াই। শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ কাকজান আঞ্চলিক সমিতিয়ে ছাত্রজনক সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰজনৰ শিক্ষাৰ ক্ষেত্ৰত অনাগত দিনত সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। আমিও অম্লান জ্যোতি শইকীয়াৰ সফলতাৰ শলাগ লোৱাৰ লগতে ভৱিষ্যত উজ্বল কামনা কৰিলোঁ।

No comments