Breaking News

দক্ষিণ আহঁতগুৰি ধোদাং বাহিৰ ৰৌমৰা ইএনডি মাথাউৰি সংযোগী দলঙৰ দুৰৱস্থা,পকী দলং নিৰ্মাণৰ দাবী অঞ্চলবাসীৰ



কুমুদ বৰা,দেৰগাঁওঃ দেৰগাঁৱৰ সমীপৱৰ্ত্তী দক্ষিণ আহঁতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ধোদাং বাহিৰ ৰৌমৰা ইএনডি মাথাউৰি সংযোগী কাঠৰ দলং খনৰ দুৰৱস্থাই পথচাৰিক জ্বলাকলা খুৱাইছে। প্ৰায় ৫৪ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা এই দলং খন নিৰ্মাণৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ঠায়ে ঠায়ে দলঙৰ কাঠ প'চি সাধাৰণ চাইকেল আৰোহী এজনো পাৰ হ'ব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। ইতিমধ্যে বহু কেইজন লোক দলঙৰ কাঠ পচি যোৱা অংশত সোমাই দুৰ্ঘটনাত পতিত হোৱাৰ কথা স্থানীয় ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিছে।



এই একমাত্ৰ পথেৰেই নদী কাষৰীয়া শিকলী চাপৰি, কেৰকেৰ আদি বহু কেইটা চৰ-চাপৰি অঞ্চলৰ নগৰৰ সংযোগ স্থাপন হোৱাৰ লগতে দেৰগাঁও, গোলাঘাটৰ পৰা ব্ৰহ্মপুত্ৰ পাৰহৈ লক্ষীমপুৰ জিলাৰ বদতি জামুগুৰিকে ধৰি বিভিন্ন স্থানলৈ দৈনিক শতাধিক লোকে আহ-যাহ কৰে। অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ পথৰ এই কাঠৰ দলঙখন অতিশীঘ্ৰে মেৰামতি কৰাৰ লগতে পথটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এখন স্থায়ী পকী দলং নিৰ্মাণ কৰি ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবৰ বাবে  স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে।

No comments