জম্বিৰ আতংক (তৃতীয় খণ্ড)
"মানুহজনীয়ে ভাৱশেলহীন চকুৰে সিহতলৈ চাই থকা দেখি নেন্সীয়ে তেওঁক সম্ভাষন জনালে যদিও তেওঁৰপৰা কোনো প্ৰত্যুত্তৰ নাপালে"
মালবিকা শৰ্মা, ভুবনেশ্বৰ
অকলশৰীয়া মাতৃ নেন্সী, এবছৰীয়া পুতেকৰ সৈতে ঘৰত অকলে থাকে। গিৰিয়েকৰ সৈতে মনোমালিন্য হোৱাত নেন্সীয়ে পুতেকক লৈ বেলেগকৈ থাকিবলৈ লৈছে। দুদিনৰ পৰা পুতেকৰ গা ভাল নহয়, আজি বেছিয়েই বেয়া হৈছে। উপায়হীন নেন্সীয়ে ইমান বিপদৰ মাজতো পুতেকক গাড়ীত লৈ হস্পিতাললৈ বুলি অগ্ৰসৰ হৈছে।
চহৰৰপৰা হস্পিতালখন বেছ কিছু দুৰত অৱস্থিত। গাড়ী চলাই থকা সময়ত ৰাস্তাৰ কাষত পহৰা দি থকা পুলিচবোৰক দেখি নেন্সীয়ে কিছু নিৰাপদ অনুভৱ কৰে। ৰাস্তাত পুলিচ এজনে গাড়ী ৰখাই দৰকাৰ পৰিলে জৰুৰী ফোন নম্বৰত ফোন কৰিবলৈ নেন্সীক সকীয়াই দিয়ে। এটা সময়ত হস্পিতাল পাই তাই গাড়ীখনৰ পৰা পুতেকক লৈ ভিতৰলৈ সোমায় আহে। বহুত কম মানুহ। ডক্টৰ এজনে পুতেকক পৰীক্ষা কৰি ৰাতিটো নিৰিক্ষনৰ বাবে সিহতক হস্পিতালতে থাকিবলৈ উপদেশ দিয়ে।
নাৰ্চ এজনীয়ে দুয়োকে ৰুম এটালৈ লৈ আহে আৰু পুতেকক দৰৱ-পাতি দি শুৱাই দিয়ে।। সিহতক থাকিবলৈ দিয়া ৰুমটোত কাষৰ বিচনাখনত বুঢ়ী মানুহ এজনীয়ে কাহি কাহি শুই থকা দেখি নেন্সীয়ে সোধাত নাৰ্চজনীয়ে কয় যে বেছ কিছুদিনৰ পৰাই বুঢ়ীমানুহজনীয়ে বেমাৰত ভুগি আছে। মানুহজনীয়ে ভাৱশেলহীন চকুৰে সিহতলৈ চাই থকা দেখি নেন্সীয়ে তেওঁক সম্ভাষন জনালে যদিও তেওঁৰপৰা কোনো প্ৰত্যুত্তৰ নাপালে। নাৰ্চজনীৰ কাষত অকনমান সময়ৰ বাবে পুতেকক এৰি তাই টয়লেটলৈ গৈ হাত-মুখ ধুই আহিল। ৰাতি আকৌ চাবলৈ আহিব বুলি নেন্সীক কৈ নাৰ্চজনী গুচি গ’ল। দৰৱে কাম দিয়াত অলপমান আৰাম পাই কণমানিটো টোপনি গ’ল। তাৰ কাষতে বহি থাকোতে ভাগৰুৱা নেন্সীৰো টোপনি আহিল। কিছু সময়ৰ পিছত ৰুমৰ ভিতৰত এটা শব্দ হোৱাত তাইৰ টোপনি ভাঙি গ’ল। ৰুমৰ চাৰিওপিনে চাই নেন্সীয়ে উঠি গৈ কাকো দেখা নাপাই আকৌ আহি কণমানিটোৰ কাষ পালে। ইতিমধ্যে সি সাৰ পাইছে। মাকক দেখি বৰ মৰমলগা হাঁহি এটা মাৰি কোলাত উঠিব খুজিলে।
পুতেকৰ গা ভাল হোৱা যেন পাই তাইৰ মনটো বৰ ভাল লাগিল। তাই পুতেকক কোলাত তুলি লৈ মৰম কৰিবলৈ ধৰোতেই কণমানিটোয়ে হঠাতে মাকৰ গালত জোৰে কামুৰি দিলে। পুতেকৰ এই কাৰ্য্যত আচৰিত আৰু উপায়হীন হৈ তাই পুতেকক টানি এৰুৱাব বিচৰাত এবছৰীয়া পুতেকে তাইলৈ চাই বৰ অস্বাভাৱিক ধৰনে হাঁহি উঠা দেখি তাইৰ গাৰ নোমবোৰ থিয় দি উঠিল। তাৰমানে তাই শুই থকা সময়তে কোনোবাই আহি পুতেকক…… আৰু চিন্তা কৰিব নোৱাৰিলে তাই। আৰু একো উপায় নাই বুলি চকুৰ পানীৰে বাট নেদেখা হৈ একমাত্ৰ পুতেকক বুকুৰ মাজত জোৰে সাৱটি ধৰাৰ সময়ত তাই স্পষ্টভাৱে দেখা পালে কাষৰ বিচনাখনৰ পৰা বুঢ়ী মানুহজনীয়ে সেই একে ধৰনৰ অস্বাভাৱিক হাঁহিটোৰে তাইলৈ চাই আছে।
(আগলৈ)
লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক –
https://www.facebook.com/malabika123
No comments