Breaking News

সান্ধ্য আইন উলংঘা কৰি ৰাতি ৰাতি গোলাঘাটৰ পৰা অবৈধ ভাৱে সৰবৰাহ হৈছে কালীয়ানি নৈৰ বালি


 

যোৰহাট: ডাঙৰ ডাঙৰ ডাম্পাৰৰ জৰিয়তে যে যোৰহাটৰ মাজেদি অবৈধ ভাৱে বালি সৰবৰাহ কাৰ্য চলি আছে । কিয়নো কালি পুলিবৰ আৰক্ষীয়ে নিশা ১০ বজাত কাকডোঙা নৈ দলঙৰ সমীপত বালি কঢ়িয়াই অনা ৫ খন ডাম্পাৰ ৰখায় আৰু লগে লগে থানালৈ লৈ যায়। এই সন্দৰ্ভত আৰক্ষীৰ পৰা জানিবলৈ বিচৰাত কয় যে ইয়াৰে এ এছ ০৫ চি ৫০৪০,এ এছ ০৫ চি ৭৩৩৬,এ এছ ০৫ চি ৯৫৪৮,এ এছ ০৫ চি ৮৫৫৯  নম্বৰৰ গাড়ী কেইখনে টি পি দেখুৱাৰ বিপৰীতে এ এছ ০৩ চি চি ১২৪০ নম্বৰৰ গাড়ী খনে কোনো টি পি দেখুৱাব নোৱাৰিলে। যাৰ ফলত আৰক্ষীয়ে টি পি দেখুৱা চাৰিখন ডাম্পাৰৰ ওপৰত ফাইন কাটি পঠিয়াই দিয়ে আৰু টি পি নথকাখন আজি চালক সহ যোৰহাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ক অৰ্পণ কৰে। টি পি থকা বালি ভৰ্তি ডাম্পাৰ চাৰিখনৰ ওপৰত কি কাৰণত ফাইন কাটিব লগা হল বুলি জানিবলৈ বিচৰাত পুলিবৰ থানাৰ আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ দাসে উক্ত গাড়ী কেইখনে ক'ভিড প্ৰটোকল ভংগ কৰি এনেদৰে বালি কঢ়িওৱাৰ বাবেই ফাইন কটা হৈছে বুলি কয়। ইফালে টি পি নথকা ডাম্পাৰ খনে সম্পূৰ্ণ অবৈধ ভাৱে বালি সৰবৰাহ কৰিছে বুলি বন বিভাগৰ কাৰ্যালয়ৰ পৰা জানিব পৰা যায়। 

এই বিষয়ে অধিক জানিবলৈ গোলাঘাটৰ এক বেশেষ সূত্ৰৰ লগত যোগাযোগ কৰাত কয় যে বৰ্তমান ক'ভিড প্ৰটোকল ভংগ কৰাই নহয় সম্পূৰ্ণ অবৈধ ভাৱে জিলাখনৰ কালীয়ানি(কানাইঘাত)নৈৰ পৰা এক শ্ৰেণী দালালে ৰাতি ৰাতি বালি খনন কৰি বিভিন্ন জিলালৈ গোপনে সৰবৰাহ কৰি আছে আৰু এই ক্ষেত্ৰত একাংশ আৰক্ষীৰ লগতে বন বিভাগৰ লোকো জড়িত হৈ আছে। কালি এই ডাম্পাৰ কেইখনে বালি সমূহ গোলাঘাটৰ পৰা শিৱসাগৰৰ হালোৱাটিং অঞ্চললৈ সৰবৰাহ কৰিছিল। আনহাতে টি পি থকা  বুলি কোৱা ডাম্পাৰ কেইখনো সন্দেহ জনক বুলি সূত্ৰটোৱে সদৰী কৰিছে। কিয়নো উক্ত দালাল পাৰ্টিটোৱে ৰাস্তাত একাংশ কঠোৰ পুলিচৰ পৰা বাচিবলৈ ভুৱা টি পি উলিয়াই লয় আৰু এখন মান গাড়ীৰ কোনো টি পি নোহোৱাকৈ লৈ আহে।

 এই নাটক খনত কেতিয়াবা আৰক্ষীয়েও কোনো পাত্তা নাপাই। যিহেতু টি পি নোপোৱা গাড়ীখন আৰক্ষীয়ে ৰাখি থৈ সদায় ভুৱা টি পি বনাই অনা গাড়ীবোৰক যাবলৈ এৰি দিয়ে আৰু এনেদৰেই দালাল চক্ৰটোৱে এখন জিলাৰ পৰা অন্যখন জিলালৈ অবৈধ ভাবে বালি চাপ্লাই দি আহিছে। উল্লেখযোগ্য যে কালি পুলিবৰ আৰক্ষীৰ জালত পৰা এই বালি সৰবৰাহ কাৰ্যত গোলাঘাটৰ প্ৰভুনাথ,তোলেনৰ লগতে শিৱসাগৰৰ আমিন নামৰ এটা মাফিয়া চক্ৰ জড়িত আছে বুলি বেশেষ সূত্ৰটোৰ পৰা জানিব পৰা গৈছে।

No comments