Breaking News

লাভলীনাময় হৈ পৰিছে ধনশিৰি মহকুমা



মাধুৰ্য কোঁৱৰ, বৰপথাৰঃ অসমবাসীৰ মুখে মুখে এতিয়া গুঞ্জৰিত হৈছে এটাই নাম..লাভলীনা আৰু লাভলীনা। বিশ্বৰ বৃহত্তম ক্ৰীড়া ক্ষেত্ৰ অলিম্পিকলৈ যাত্ৰা কৰা অসমৰ প্ৰথম গৰাকী কন্যা অৰ্জুন বঁটা প্ৰাপ্ত লাভলীনা বৰগোহাঁইক গৃহভূমি ধনশিৰি মহকুমাৰ পৰা বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে জনাইছে শুভেচ্ছা আৰু আশীৰ্বাদ। ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত  " আমি আশাবাদী,  জিলিকিব ধনশিৰি" শীৰ্ষক শ্লোগানেৰে মহকুমাটোৰ বিভিন্ন ঠাইত দেৱাল অংকনেৰে বক্সাৰ গৰাকীলৈ শুভেচ্ছা জনোৱা হয়। ইপিনে ধনশিৰি মহকুমা টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগতো লাভনীনাৰ পিতৃ মাতৃক পৰম্পৰাগত সাজেৰে সম্বৰ্দ্ধনা জনাই লাভলীনালৈ শুভেচ্ছা আৰু উৎসাহ জনোৱা হয়। আনহাতে , জনপ্ৰিয় গায়ক আচুয্য বৰপাত্ৰ গোহাঁইৰ জেষ্ঠ ভাতৃ কণ্ঠ শিল্পী মন্টু গোহাঁয়ে এটি গীতৰ কলিৰে লাভলীনালৈ শুভেচ্ছা প্ৰেৰণ কৰে। 

লাভলীনাই টকিঅ' অলিম্পিকত স্বৰ্ণ জয় কৰি সমগ্ৰ দেশৰ লগতে জন্ম ভূমি ধনশিৰি মহকুমালৈ যাতে বৃহৎ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় তাৰেই আশাৰে এনেদৰে বিভিন্ন জনে শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে প্ৰথমখন মেচত বক্সাৰগৰাকীয়ে বাই লাভেৰে প্ৰি কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰে। অহা 27 জুলাইত লাভলীনাই ৰিঙত নামিব  জাৰ্মানীৰ APETZ  NADINE ৰ বিৰুদ্ধে ।

No comments