Breaking News

গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত লাইভ ষ্ট্ৰীমিং ব্যৱস্থাৰে প্ৰদৰ্শন অলিম্পিক-২০২১ৰ শুভাৰম্ভণি অনুষ্ঠান



জাপানৰ ৰাজধানী টকিঅ'ত আজিৰে পৰা আৰম্ভ হোৱা অলিম্পিক-২০২১ৰ শুভাৰম্ভণি অনুষ্ঠান গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত লাইভ ষ্ট্ৰীমিং ব্যৱস্থাৰে প্ৰদৰ্শন কৰা হয় । 

ক'ভিডৰ নীতি-নিৰ্দেশনাসমূহৰ মাজেৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা পল্লৱী গগৈ, শ্ৰীযুত কুলদ্বীপ হাজৰিকা, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক শ্ৰীযুত সঞ্জীৱ সন্দিকৈ আৰু জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া তথা জিলাখনৰ ক্ৰীড়া জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে একেলগে আজিৰ অনুষ্ঠান উপভোগ কৰে ।

No comments