Breaking News

গোলাঘাট জিলাত নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ কেঁচা চাহপাত পৰিবহনত নিষেধাজ্ঞা



ডিজিটেল ডেস্কঃ গোলাঘাট জিলাত ক'ভিড 19 ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ কেঁচা চাহপাতৰ পৰিবহনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ  মৃগেশ নাৰায়ণ বৰুৱাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত এই সম্পৰ্কীয় নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি ৩০ জুলাইৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে সমগ্ৰ গোলাঘাট জিলাখনতে এই নিৰ্দেশ কাৰ্যকৰী হ'ব । 

এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

No comments