Breaking News

বদলা পদ্ম আতা সাংস্কৃতিক মহাবিদ্যালয়ৰ শুভাৰম্ভ , 'খোল প্ৰসংগ' নামৰ গ্ৰন্থ উন্মোচন



বৃহস্পতিবাৰে  উত্তৰ কমলাবাৰী সত্ৰৰ সমিপত অনুষ্ঠিত হয় বদলা পদ্ম আতা মহাবিদ্যালয় শুভাৰম্ভ আৰু গ্ৰন্থ উন্মোচনী সভা । কভিড প্ৰটকল মানি সীমিত সংখ্যক লোকৰ উপস্থিতিত মহাবিদ্যালয় খনৰ ফিটা কাতি শুভাৰম্ভ কৰে সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়াই। ইয়াৰ পাছতে  উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ শিল্পী নন্দেশ্বৰ বৰবায়নে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। শিক্ষক তথা বদলা পদ্ম আতা সংগীত মহাবিদ্যালয়ৰ সভাপতি সুৰেশ বৰাই সভাপতিত্ব কৰা সভাত প্ৰথমে বিশিষ্ট তথা আমন্ত্ৰিত অতিথি সকলক চেলেং আৰু ফুলাম গামোচাৰে আদৰণি জনায়। সভাখনি কৰীনা হাজৰিকাৰ বৰগীতেৰে শুভাৰম্ভ হয়। ইয়াৰ পাছতে 'খোল প্ৰসংগ' নামৰ গ্ৰন্থ উন্মোচন কৰে শিল্পী সংগীত নাটক একাডেমী বঁটা প্ৰাপক যোগেন দত্ত বায়নে। সভাখনি শুভ উদ্বোধন কৰে পৰীক্ষা সচিব পংকজ শইকীয়াই।

বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক মুহিকান্ত বৰা বৰবায়নে সত্ৰীয়া সংগীতৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত হোৱাকৈ দীৰ্ঘদিনীয়া গৱেষণাৰ ফলত লিখি উলিয়াই 'খোল প্ৰসংগ' নামৰ গ্ৰন্থ । বাল্য কালৰে পৰা ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ হিচাপে থাকি সত্ৰীয়া পৰম্পৰাৰ মাজেৰে ডাঙৰ দীঘল হোৱা বৈষ্ণৱ গৰাকীয়ে সত্ৰীয়া সংস্কৃতিৰ বহুকেইগৰাকী গুণী -জ্ঞানী বৈষ্ণৱৰ সানিধ্য লাভ কৰিছিল। সত্ৰীয়া শিক্ষা গ্ৰহণ কৰি জীৱনযোৰা অভিজ্ঞতাৰে সমৃদ্ধ হৈ গ্ৰন্থ খনি লিখি উলিয়াইছে আৰু এই গ্ৰন্থখনে সত্ৰীয়া শিক্ষা গ্ৰহণ কৰা ছাত্র ছাত্ৰী সকলৰ অভাৱ দূৰ কৰিব বুলি গ্ৰন্থ উন্মোচন কৰি মন্ত্ৰব্য প্ৰকাশ কৰে সত্ৰীয়া সংস্কৃতিৰ সাধক সংগীত নাটক একাডেমী বঁটা প্ৰাপ্তক যোগেন দত্ত বায়নে। অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ বৰদলৈয়ে উল্লেখ কৰে যে  অসম সত্ৰ মহাসভাৰ অধীনস্থ সকলো সত্ৰীয়া সংস্কৃতিৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত মুহিকান্ত বৰবায়নে প্ৰস্তুত কৰি উলিওৱা বায়ন খোল প্ৰসংগ  পাঠ্যপুথি খনে উপকৃত কৰিব । প্ৰয়োজন অনুসৰি পাঠ্যপুথিৰ অভাৱ কিন্তু এই গ্ৰন্থ খনিৰ প্ৰকাশে দীৰ্ঘদিনীয়া সমস্যাৰ ওৰ পেলালে বুলি মন্ত্ৰব্য প্ৰকাশ কৰে।  এটা দীৰ্ঘদিনীয়া সপোন আজি অনেক ঘাট প্ৰতিঘাটৰ মাজেৰে মুহিকান্ত বৰবায়নে গাঠিৰ ধন খৰছ কৰি সংগীত মহাবিদ্যালয় খন আৰম্ভ কৰিছে বুলি উদ্দেশ্য ব্যাখ্যাত উল্লেখ কৰে শিক্ষক  দীগন্ত শইকীয়াই । অসম চৰকাৰৰ পৰ্যটন বিভাগে নিযুক্তি প্ৰদান কৰা সাংস্কৃতিক আৰু পাক-কলা বিভাগৰ সদস্য তথা সাংবাদিক তীৰ্থ ভূঞা বৰগায়নকো উক্ত সভাতে আদৰণি জনায়। বদলা পদ্ম আতা সংগীত মহাবিদ্যালয়ৰ সদস্য তথা শিক্ষক ভৰত দত্তকো ফুলাম গামোচাৰে আদৰণি জনায়। এগৰাকী নিৰলস সাধক যি গৰাকীয়ে নিৰলে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত নিজক আত্মনিয়োগ কৰাৰ লগতে সমাজ খন উপকৃত হোৱাকৈ সাংস্কৃতিক শোভাযাত্ৰা অব্যাহত ৰাখিছে বুলি তীৰ্থ ভূঞাই উল্লেখ কৰে। অনুষ্ঠানত ভৰত দত্ত, সংগীত শিক্ষয়ত্ৰী বন্তি বৰা আৰু নন্দেশ্বৰ বৰবায়নে নিজৰ বক্তব্য ৰাখে ।

No comments