Breaking News

বিশিষ্ট প্ৰগতিশীল লেখিকা ড০ অনিমা গুহৰ দেহাৱসান


প্ৰসিদ্ধ নিৱন্ধকাৰ ‘ইতিহাসবিদ’ ড০ অমলেন্দু গুহৰ পত্নী বিশিষ্ট লেখিকা  ড০ অনিমা গুহৰ বৃহস্পতিবাৰে আবেলি প্ৰায় ৩.২০ বজাত দেহাৱসান ঘটে। লেখিকাগৰাকীয়ে গুৱাহাটী আৰ্য হস্পিটেলত ৯০ বছৰ বসয়ত শেষ নিশ্বাস ত্যাগ কৰে। গুহৰ মৃত্যু অসমীয়া সাহিত্য জগতখনৰে এক অপূৰণীয় ক্ষতি। 

 ড০ গুহে অসমীয়া সাহিত্য জগতখনলৈ আগবঢ়াই থৈ অৱদান অপৰিসীম।  

ড০ অনিমা গুহে ৰচনা কৰা গ্ৰন্থসমূহ আছিল  ‘তৃতীয় বিশ্ববাসিনীৰ দৃষ্টিত নাৰী আৰু সমাজ’, ‘মানুহ চিত্ৰশালাত’,’এমুঠি অভিজ্ঞতা’, ‘সোঁতৰ বিপৰীতে’, ‘নীল আকাশৰ তলত’, ‘বিপন্ন প্ৰজাতি’ আদি। ইয়াৰোপৰি তেওঁ ‘জীৱনৰ জোৱাৰ ভাটাৰ মাজেদি,’ আৰু ‘বাকীছোৱা জীৱন’ নামেৰে দুটা খণ্ডত আত্মজীৱনী গ্ৰন্থও ৰচনা কৰিছিল।



সাহিত্যিকগৰাকীৰ মৃত্যুত বিভিন্নজনৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। 


No comments