Breaking News

ক্ৰমাৎ সুস্থ হৈছে মিজোৰাম সীমান্তত গুলিবিদ্ধ হৈ গুৰুতৰভাৱে আহত SP নিম্বলকাৰ

 


যোৱা ২৬ জুলাইৰ দিনা অসম-মিজোৰাম সীমান্তত সৃষ্টি হৈছে অকল্পনীয় এক পৰিস্থিতি।  মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ আক্ৰমণত ৰক্তাক্ত হৈছিল অসম-মিজো সীমান্তৰ লাইলাপুৰৰ ভূমি। এই আক্ৰমণত অসম আৰক্ষীৰ ৬গৰাকী জোৱান নিহত হোৱাৰ লগতে আহত হৈছিল অৰ্ধ-শতাধিক অসম আৰক্ষীৰ জোৱান আৰু স্থানীয় লোক। 

এই আক্ৰমণতে গুলীবিদ্ধ হৈছিল সেইসময়ত কাছাৰৰ আৰক্ষী অধীক্ষক (আইপিএছ ) বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ।  গুৰুতৰভাৱে কঁকাল আৰু শৰীৰৰ তলত অংশত আঘাতপ্ৰাপ্ত নিম্বলকাৰক ততাতৈয়াকৈ সেইদিনাই বিশেষ বিমানেৰে মুম্বাইলৈ নিয়া হয় আৰু আন্ধেৰীৰ কোকিলাবেন আম্বানী চিকিৎসালয়ত ভৰ্তি কৰা হয়। 

তিনিঘন্টা ধৰা অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকে নিম্বলকাৰৰ দেহৰ পৰা পাঁচটাকৈ গুলি বাহিৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে ক্ৰমাৎ সুস্থ হৈ উঠিছে বৈভৱ নিম্বলকাৰ।

উল্লেখ্য যে, গুলিয়া-গুলি চলি থকাৰ সময়ত দেহত গুলি লগাৰ পাছতো নিম্বৰকাৰে  মিজো আৰক্ষীক ‘ফায়াৰিঙ’ বন্ধ কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ লগতে অসম আৰক্ষীয়ে গুলি চলোৱা নাই বুলি বাৰে বাৰে অনুৰোধ জনাইছিল ।

No comments