Breaking News

দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা…



বাতিল হ’ল ত্ৰিপাক্ষিক বৈঠক, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তলব কৰাৰ পাছতো দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা। অসম-মিজোৰাম সীমা সংঘাতক লৈ  বৃহস্পতিবাৰে অনুষ্ঠিত দিল্লীত অনুষ্ঠিত হোৱাৰ কথা আছিল ত্ৰিপাক্ষিক বৈঠক । মিজোৰামৰ মুখ্যমন্ত্ৰী বৈঠকলৈ নাযাও বুলি কোৱাৰ পাছতে ইতিমধ্যে বাতিল কৰা হৈছে অসম, মিজোৰাম আৰু কেন্দ্ৰৰ মাজত দিল্লীত অনুষ্ঠিত হ’ব লগা ত্ৰিপাক্ষিক বৈঠকখন।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীলৈ মাতিছিল  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীক। 

অৱশ্যে এই সন্দৰ্ভত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই কোৱাৰেন্টাইন হৈ থকা বুলি জনায় ।

No comments