Breaking News

জম্বিৰ আতংক (প্ৰথম খণ্ড)




মালবিকা শৰ্মা, ভুবনেশ্বৰ

চহৰখনত এক নতুন আতংক। এবিধ নতুন ভাইৰাচ ওলাইছে যি মৰা মানুহৰ ব্ৰেইনত প্ৰৱেশ কৰি ব্ৰেইনটোক সজীৱ কৰি তুলিব লাগিছে যাৰ ফলত এটা এটাকৈ জম্বিৰ সৃষ্টি হ’বলৈ ধৰিছে।বৈজ্ঞানিকবোৰে এই ভাইৰাচৰ উৎস বিচাৰি উলিয়াব নোৱাৰি বিমোৰত পৰিছে। এই কথা প্ৰচাৰ হ’লে জনসাধাৰন শংকিত হ’ব বুলি গোপনে পুলিচ কৰ্মী আৰু স্বাস্থ্য বিভাগৰ কৰ্মী সকলে কামত লাগি গৈছে। কোনোবা ব্যক্তি মৰাৰ খবৰ আহিলেই মৃতদেহটো চহৰৰ বাহিৰলৈ লৈ গৈ ব্ৰেইনটো গুলিয়াই নিস্ক্ৰিয় কৰি কোনেও নজনাকৈ এটা ভূগৰ্ভস্থ কক্ষত মৃতদেহবোৰ লুকুৱাই থৈ দিয়া হৈছে। কিন্ত ব্ৰেইনটো নিষ্ক্ৰিয় কৰিবলৈ অকনমান দেৰী হ’লেই মৃতদেহবোৰ নিজে নিজে জম্বিলৈ পৰিবৰ্তিত হ’ব ধৰিছে।


প্ৰথম প্ৰথম কথাবোৰ গোপনে ৰাখিলেও মৃতদেহবোৰ সৎকাৰ কৰিবলৈ নিদি বেলেগ ঠাইলৈ নিয়া কথাটোৱে জনসাধাৰনৰ মনত সন্দেহৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে দুজনমান যুৱকে মাজৰাতি পাৰ্টিৰপৰা ঘৰলৈ ওভোটাৰ সময়ত চহৰৰ বাহিৰত, ৰাস্তাৰ কাষত কিছুমান অস্বাভাৱিক যেন লগা মানুহক বেকা-বেকি কৈ খোজ কাঢ়ি থকা দেখা পাই আহিছে। সন্দেহজনক কথাবোৰে সকলোৰে মনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি ৰাতিপুৱা ক’লনিটোৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি মিষ্টাৰ দেভিদৰ মৃত্যু হোৱাত তেখেতৰ গৃহত ওচৰ-চুবুৰীয়া আহি জমা হৈছে। ইয়াৰ ভিতৰতে মৃত্যুৰ খবৰ পাই মৃতদেহ নিবলৈ পুলিচো আহি হাজিৰ হৈছে।

বাৰংবাৰ সৎকাৰ কৰিবলৈ অনুৰোধ কৰাৰ পাছতো পুলিচে জোৰকৈ মৃতদেহটো লৈ গুচি যোৱা দেখি সেই ক’লনিৰে দুজন যুবক জন আৰু ববে পুলিচৰ গাড়ীখনক অনুসৰণ কৰিবলৈ আৰম্ভ কৰিলে। এটা সময়ত গাড়ীখন গৈ চহৰৰ বাহিৰৰ জনশূন্য স্থান এটাত উপস্থিত হয় আৰু দুজন পুলিচে ধৰি মৃতদেহটো উলিয়াই আনে। পুলিচ এজনে মৃতকৰ মুৰলৈ লক্ষ্য কৰি গুলি মাৰা দেখি দুৰৰ পৰা চাই থকা জন আৰু বব স্তব্ধ হৈ পৰে। ইয়াৰ পাছত পুলিচ দুজনে মৃতদেহটো টানি নি ওচৰত কৰবাত থৈ আহি গাড়ীখন লৈ উভতি যোৱাত যুবক দুজনে মৃতদেহটো বিচাৰি বিচাৰি ভূগৰ্ভস্থ কক্ষটো আৱিস্কাৰ কৰে। দুয়ো বাহিৰৰ পৰা বন্ধ কৰি থোৱা কক্ষটোৰ দৰজাখন খুলি ভিতৰত প্ৰৱেশ কৰি দম লাগি থকা মৃতদেহবোৰ দেখি ভয়তে তৎ নোহোৱা হৈ দৌৰি ওলাই আহিব খোজোতেই পিছৰপৰা মিষ্টাৰ দেভিডে মতা শুনিলে। আচৰিত হৈ পিছলৈ ঘুৰি চাওতে দেখিলে দেভিডে ৰক্তাক্ত দেহেৰে সিহত দুয়োৰ পিনে তীব্ৰগতিত আহি আছে। ওচৰ পাই দেভিডে দুয়োকে গবা মাৰি ধৰি কামুৰিবলৈ চেষ্টা কৰাত কিংকৰ্তব্যবিমুখ হৈ দেভিডক জোৰে ঠেলা মাৰি বগৰাই পেলাই দুয়ো দৌৰি দৌৰি আহি নিজৰ ঠাইখন পাই সকলোৰে আগত ভয়ানক ঘটনাটো খুলি কয়। কথাবোৰ কৈ শেষ কৰে মানে হঠাতে এটা কথা মনত পৰি জন আৰু ববৰ মুখ দুখন শেতা পৰি উঠে। সকলোৱে কি হ’ল বুলি সোধাত দুয়োই কম্পিত কন্ঠেৰে কৈ উঠে যে ভূগৰ্ভস্থ কক্ষৰ ভিতৰলৈ যাওতে বাহিৰৰ পৰা বন্ধ দৰজাখন খুলি সোমাইছিল যদিও দৌৰি গুচি অহাৰ সময়ত দৰজাখন বন্ধ কৰি আহিব পাহৰিলে।দুয়োৰে কথা শুনি তাত উপস্থিত থকা মানুহবোৰৰ মুখবোৰ শংকাতে বিবৰ্ণ হৈ আহে।


ইতিমধ্যে ভূগৰ্ভস্থ কক্ষৰপৰা ভাইৰাচে ব্ৰেইন সজীৱ কৰা মৃতদেহবোৰে ঢলং পলংকৈ লৰি লৰি চহৰৰ ভিতৰৰ পিনে সোমাই আহিবলৈ আৰম্ভ কৰিছে…….।

(আগলৈ)

No comments