Breaking News

নগাঁও আৰু কাৰ্বি-আংলঙৰ মাজত গঢ়ি উঠিছে বৃহৎ শিল সৰবৰাহৰ কৰিডৰ




ডিজিটেল সংবাদ,নগাঁওঃ ৰাজ্যত এতিয়া বনজ সম্পদ লুণ্ঠনৰ অঘোষিত প্ৰতিযোগিতা। ক’ৰবাত যদি চৰকাৰৰ চকুত ধূলি দি চলাই গৈছে অবৈধ কাৰ্যকলাপ ক’ৰবাত আকৌ চৰকাৰৰ পৃষ্ঠপোষকতাতেই চলাই গৈছে বনজ সম্পদৰ মুক্ত খনন। কেৱল ৰাজ্যৰ চুকে-কোণে বনজ সম্পদৰ ধ্বংস যজ্ঞ। চৰকাৰখনে এতিয়া উন্নয়নৰ নামত পুঁজিপতিক গটাই দিছে বনাঞ্চলকে ধৰি সেউজ পাহাৰসমূহক। তাৰেই উদাহৰণ নগাঁও জিলাৰ চামগুৰিৰ থানাৰ অন্তৰ্গত দুলুপাহাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু লালপাহাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ কাষতে থকা কঠালগুৰিৰ  গান্ধী ক্ৰেচাৰ । এই বৃহৎ অঞ্চলটোক স্থানীয় লোকে নাম দিছে গান্ধী ক্ৰেচাৰ । 

উল্লেখ্য যে কেইটামান দিনৰ পূৰ্বে কণ্ডলী বামুনী পাহাৰত ১৮টাকৈ বন্যহস্তীয়ে কৰুণভাৱে মৃত্যুক আকোৱালী লোৱাৰ পাছত সেই স্থানত উপস্থিত হৈ বনমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল যে এই অঞ্চলটোৰ বন্যপ্ৰাণীসমূহ সুৰক্ষা দিয়াত চৰকাৰে ব্যৱস্থা ল’ব। কিন্তু কঠালগুৰি অস্থায়ী বন শিবিৰৰ অন্তৰ্গত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চামগুৰিৰ পৰা চাপানলা পথৰ কঠালগুৰিৰ সমীপতে চৰকাৰে শিল ভঙা মেচিন স্থাপনৰ অনুমতি প্ৰদান কৰিছে। এতিয়া প্ৰশ্ন হয় চৰকাৰে পুঁজিপতিৰ বাবেই বনাঞ্চলসমূহক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ৰাখিছে নেকি? নহ’লে কিয় এই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলসমূহক সংৰক্ষিত বনাঞ্চল বা অভয়াৰণ্যলৈ উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে।সেউজ পাহাৰবোৰত এতিয়া পুঁজিপতিৰ হাতোৰা। এফালৰ পৰা খহাই গৈছে পাহৰটোৰ এটা অংশৰ পৰা আন এটা অংশ। বাঘচেৰ সংৰক্ষিত বনাঞ্চলৰ পৰা বন্যহস্তী উত্তৰ আৰু দক্ষিণ ডিজু সংৰক্ষিত বনাঞ্চলহৈ চুৱাং সংৰক্ষিত বনাঞ্চল হৈ এই অঞ্চলসমূহত বন্যহস্তীৰ আহ-যাহ চলে। কিন্তু বন্যহস্তীৰ কৰিডৰ সমূহতে যদি এনেদৰে বৃহৎ বৃহৎ ক্ৰেচাৰ মেচিন স্থাপন কৰি জনাঞ্চললৈ পৰ্যবেক্ষিত কৰে তেন্তে বন্যহস্তী জনাঞ্চললৈ ঢাপলি মেলাটো এক স্বাভাৱিক ঘটনা। 

কেৱল সেয়াই নহয় কাৰ্বি-আংলং জিলাৰ পাৰ্কুৱ পাহাৰতো সেই একে দশা। দিনে-নিশাই ফকলেণ্ড লগাই কেৱল খনন চলাই গৈছে পাহাৰটোত। এনেধৰণৰ অবৈধ খনন কাৰ্যই কাৰ্বি-আংলংৰ জৈৱ-বৈচিত্ৰ্যৰ পাৰিপাৰ্শ্বিকতাত কু প্ৰভাৱ পেলাইছে। এইক্ষেত্ৰত জিলাখনৰ স্বায়ত্বশাসিত পৰিষদে পুঁজিপতিৰৰ লগত গোপন বুজাবুজিৰে বন্যহস্তীৰ বিচৰণস্থলী পাৰ্কুৱ পাহাৰটোক গটাই দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে।

এতিয়া প্ৰশ্ন হয় চৰকাৰখনে আৰু কিমান দিন দুমুখীয়া নীতি অৱলম্বন কৰি এনেদৰে বনজ সম্পদ ধ্বংসকাৰ্যৰ দৰ্শকৰ ভূমিকা পালন কৰি যাব। উন্নয়নৰ নামত আৰু কিমান দিন চলাই যাব প্ৰকৃতিৰ ধ্বংসযজ্ঞ।

চৰকাৰখনৰ বিয়াগোম বন বিভাগে এইক্ষেত্ৰত আৰু কিমান দিনলৈ নিলুপ্ততাৰ ভূমিকা পালন কৰি যাব। 

তাকলৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।



No comments