Breaking News

কিয় নগাঁৱৰ আজুৰ পাৱাৰক ব্লেকলিষ্টেড কৰাৰ দাবী একাংশ দল সংগঠনৰ ?

 


ডিজিটেল সংবাদ, নগাঁওঃ এ পি ডি চি এলৰ নগাঁও মহাপ্ৰবন্ধকৰ কাৰ্যলয়ৰ সন্মুখত নিখিল ভাৰত কৃষক সভা, কৃষক মুক্তি সংগ্ৰাম সমিতি, নিখিল ভাৰত যুৱ ফেডাৰেচন আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলাৰ কৰ্মকৰ্তাসকলে মিকিৰ বামুণী গ্ৰান্টত নিৰ্মাণ কৰি থকা আজুৰ পাৱাৰ নামৰ কোম্পানীটোৱে বিদ্যুত চুৰি কৰি কাম চলায় থকাৰ পাছতো কোনো ধৰণৰ বিহিত ব্যৱস্থা নোলোৱাৰ প্ৰতিবাদত আজি পুৱা ১১-০০ বজাৰ পৰা ১২-০০ বজালৈ কভিড বিধি মানি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। 

বিদ্যুৎ চুৰিত জড়িত আজুৰ পাৱাৰ কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক,আজুৰ পাৱাৰক ব্লেকলিষ্টতেড কোম্পানী হিচাপে ঘোষণা কৰক , দুই নম্বৰী আজুৰ পাৱাৰ মিকিৰ বামুণী গ্ৰান্ট ত্যাগ কৰক,কৃষকৰ তেজ পিয়া আজুৰ পাৱাৰ হায় হায় আদি শ্ন'গানেৰে পৰিবেশ উত্তাল  কৰি তোলে। 



এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি চি পি আইৰ নগাঁও জিলা সম্পাদক ৰাতুল বৰাই কয় "বিদ্যুৎ বিভাগে কৰ্তন কৰাৰ পাছতো কেনেকৈ আজুৰ পাৱাৰে অবৈধভাবে বিদ্যুৎ লৈ কাম চলাব পাৰে সেইটোহে বুজিবলৈ আমাৰ অসুবিধা হৈছে। সেয়ে এই ঘটনাৰ এক যথোচিত তদন্ত হোৱাতো আমি বিচাৰোঁ। "

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা জীতেন বৰাই কয় যে, "এনেকুৱা দুই নম্বৰী কোম্পানীক শীঘ্ৰে ব্লেক লিষ্টতেড কৰিব লাগে। "

No comments