Breaking News

আজি বিশ্ব ব্যাঘ্ৰ দিৱস


আমাৰ গৌৰৱ , ৰাষ্ট্ৰীয় পশু বাঘৰ বাবে ভাৰতবৰ্ষৰ ১৮খন ৰাজ্যত মুঠ ৫১ খন অভয়াৰণ্য আছে আৰু সুখৰ বিষয় যে বিশ্বৰ মুঠ বাঘৰ ৭০% ভাৰতবৰ্ষতে আছে



চৈয়দ ছাদিকুৰ ৰহমানঃ আজি বিশ্ব ব্যাঘ্ৰ দিৱস । যোৱা ১৫০ বছৰে দেখা গৈছে যে বিশ্বৰ মুঠ বাঘৰ ৯৫% লুপ্ত হৈছে । ইয়াৰ কাৰণ হিচাপে কোৱা হয় চোৰাং চিকাৰ , বন্যজন্তুৰ অবৈধ ব্যৱসায় , বাঘ-মানুহৰ সংঘাত ,বিচৰণ ভূমিৰ অভাৱ আদি । সেয়েহে ২০১০ চনৰ ২৯ জুলাই তাৰিখে বিশ্বৰ কেইবাখনো দেশে ৰাচিয়াৰ চেণ্ট পিটাৰ্চবাৰ্গ টাইগাৰ চামিতত এখন চুক্তিত চহী কৰে । সেই দেশসমূহে বাঘৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে সজাগতা বৃদ্ধি আৰু বাঘৰ সংখ্যা বৃদ্ধিৰ বাবে সংৰক্ষণ ব্যৱস্থা লোৱাৰ বাবে সংকল্পবদ্ধ হয় । লগতে ২০২২ চনৰ ভিতৰত বাঘৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লয় ।

 তেতিয়াৰে পৰা প্ৰতি বছৰে ২৯ জুলাই তাৰিখটো বিশ্ব ব্যাঘ্ৰ দিৱস ৰূপে উদ্‌যাপিত   হৈ আহিছে ।  WWF ( World Wide Fund for Nature ) ৰ মতে বিশ্বত প্ৰায় ৩৯০০ বাঘ আছে আৰু ইয়াৰ সংখ্যা ২০২২ চনত ৬০০০ লৈবৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে । আমাৰ গৌৰৱ , ৰাষ্ট্ৰীয় পশু বাঘৰ বাবে ভাৰতবৰ্ষৰ ১৮খন ৰাজ্যত মুঠ ৫১ খন অভয়াৰণ্য আছে আৰু সুখৰ বিষয় যে বিশ্বৰ মুঠ বাঘৰ ৭০% ভাৰতবৰ্ষতে আছে । 

এই বছৰৰ ব্যাঘ্ৰ দিৱসৰ theme হ'ল "Their survival is in our hand " . আহক এই দিৱসৰ তাৎপৰ্য উপলব্ধি কৰি বাঘৰ সংৰক্ষণৰ প্ৰতি সজাগ হওঁ ।



No comments