Breaking News

গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি

    


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। চিকিৎসালয়খনত  চিকিৎসাধীন হৈ থকা এজন ৰোগী আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱাৰ অভিযোগ তুলি উত্তপ্ত হৈ পৰে চিকিৎসালয়খনৰ চৌহদ। আৰক্ষীৰ প্ৰহাৰত কমাৰ গাঁৱৰ অৰবিন্দ শইকীয়া নামৰ লোকজন মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ আত্মীয়ৰ ।

ঘটনা অনুসৰি মঙলবাৰে বিয়লি ভৰি ফুলি যোৱাৰ বাবে পৰিয়ালে চিকিৎসালয়ত ভৰ্তি কৰাইছিল । লোকজনৰ উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ ৰেফাৰ কৰিছিল চিকিৎসকে। পৰিয়ালৰ লোক যোৰহাট মেডিকেললৈ নিবলৈ টকা আনিবলৈ বুলি ঘৰলৈ যোৱাৰ পিছতেই ঘটনাটো সংঘটিত হয় । চিকিৎসালয়ত উৎপাত কৰাৰ লগতে খঙতে এডোখৰ ইটা দাঙি লৈছিল বুলি অভিযোগ ৰোগী  অৰবিন্দ শইকীয়াৰ বিৰুদ্ধে  । ইয়াৰ পিছতেই চিকিৎসালয়ত কৰ্মৰত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অৰবিন্দ শইকীয়াক লাঠিৰে কোবাই দুডাল লাঠি ভাঙি দিয়ে বুলিও অভিযোগ পৰিয়ালৰ। 

ইফালে পৰিয়ালৰ এই অভিযোগ খণ্ডন কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আৰক্ষীয়ে লোকজনক এচাটো প্ৰহাৰ কৰা নাই, আৰক্ষীক দেখি ভয়তে লোকজন দৌৰি গৈ চিকিৎসালয়ৰ বাহিৰৰ ৰাজপথত ৰখাই থোৱা এখন গাড়ীত খুন্দা মাৰি  মৃত্যু হয়।

অৱশ্যে আৰক্ষীৰ কথা কোনো কাৰণতে মানি ল’ব পৰা নাই পৰিয়ালে । সমগ্ৰ ঘটনাটোৰ এক উপযুক্ত তদন্তৰ দাবী জনাইছে আত্মীয়ই।  অন্যথা মৃতদেহ চমজি নোলোৱাৰ সকিয়নী পৰিয়ালৰ । এতিয়া জিলা প্ৰশাসনে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ পাছতে পোহৰলৈ আহিব লোকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

No comments