Breaking News

সোণাৰিৰ চফ্ৰাই চাহ বাগিছাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড

 


মৃত্যুঞ্জয় দাস,সোণাৰিঃ সোণাৰিৰ চফ্ৰাই চাহ বাগিছাত সংঘটিত হৈছে এক  লোমহৰ্ষক হত্যাকাণ্ড।এটি চাৰি বছৰীয়া কন্যা শিশুক অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ হত্যা কৰা হৈছে। চফ্ৰাই চাহ বাগিছাৰ ছিংলু লাইনৰ আন্তা মুণ্ডা নামৰ লোকজনৰ চাৰি বছৰীয়া কন্যাক কালি দেবীৰ সাধক বগাধৰ মুণ্ডাৰ প্ৰৰোচনাত পিতৃ আৰু বগাধৰ মুণ্ডাই হত্যা কৰি ছিংলু নৈত পেলাই দিয়ে । 

তিনিদিন ধৰি সন্ধানহীন হৈ থকা শিশুটিক বিচাৰ কোচাৰ চলাই থকা অৱস্থাত মঙলবাৰে সন্ধিয়া উলংগ  অৱস্থাত কন্যা শিশুটিৰ উৱলি যোৱা মৃতদেহ নৈৰ পানীত উদ্ধাৰ কৰা হয় । কাষতে উদ্ধাৰ হয় পূজাৰ সামগ্ৰী । ঘটনাৰ সন্দৰ্ভত সোণাৰি আৰক্ষীয়ে দহ জন লোকক শোধপোছৰ বাবে আটক কৰে। দেবীক সন্তুষ্ট কৰিবলৈ বাগিছা খনত শিশুটিক ৰাহস্যজনক অৱস্থাত হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ আগত তিনি অভিযুক্ত ক্ৰমে তান্ত্ৰিক বগাধৰ মুণ্ডা, পিতৃ আন্তা মুণ্ডা আৰু এজন যুৱকে মিলি  তিনিদিন পূৰ্বে  অমাৱস্যাৰ নিশা ছিংলু নৈ পাৰৰ এখন ।শ্মশানত শিশুটিক তিনিওৱে মিলি দেবীক সন্তুষ্ট কৰিবলৈ হত্যা কৰা বুলি স্বীকাৰ কৰিছে। পুৱা আৰক্ষীৰ এটা দলে ঘটনা সংঘটিত কৰা স্থানত তালাচি চলাই বহু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত  আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

No comments