Breaking News

ভেলৌগুৰী মধ্য ইংৰাজী বিদ্যালয়ত ক'ভিড-১৯টিকাকৰণ কাৰ্যসূচী



গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সৌজন্যত অসম নগাৰাজ্যৰ সীমান্ত বৰ্তী ভেলৌগুৰী মধ্য ইংৰাজী বিদ্যালয়ত ক'ভিড-১৯টিকাকৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। ৬০০ ব্যক্তিক টিকাকৰণ কাৰ্যসূচীত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰূপজ্যোতি ফুকন , কেন্দ্ৰীয় সমিতিৰ প্ৰবীণ গগৈ আৰু মদন গগৈ,জিলা কাৰ্যনিৰ্বাহক প্ৰসন্ন শৰ্মা,লীলা শইকীয়া আদি উপস্থিত থাকে। দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সৌজন্যত হোৱা এই টিকাকৰণ কাৰ্যসূচীত শাৰীৰিক ভাবে অক্ষম,অতি বৃদ্ধ লোকসকলক বিশেষ গুৰুত্ব দি টিকাকৰণ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাত অঞ্চলবাসীয়ে কৰ্মচাৰী পৰিষদৰ ভূয়সী প্ৰশংসা কৰে।



ৰাইজে শান্তি শৃংখলা বজাই ৰাখি সুকলমে সামৰণি কৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে জিলা কৰ্মচাৰী পৰিষদে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ শলাগ লয়।

No comments