Breaking News

সৰুপথাৰৰ ইকৰানিৰ শ্যাম চাৰ্ভিছ নামৰ পেট্ৰল পাম্পত সংঘটিত ডকাইতিৰ ঘটনা



মাধুৰ্য কোঁৱৰ,বৰপথাৰঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ ইকৰানিৰ  শ্যাম চাৰ্ভিছ নামৰ পেট্ৰল পাম্পত শুকুৰবাৰে নিশা এক ডকাইটি কাণ্ড সংঘটিত হয় ৷ বাইকত অহা চাৰি যুৱকে পিষ্টল দেখুৱাই পাম্পটোৰ পৰা প্ৰায় ২ লাখ টকা লুটি নিয়াৰ লগতে পাম্পটোত কৰ্মৰত কৰ্মচাৰীৰ তিনিটা মোবাইল ফোনো কাঢ়ি লৈ যায়। লগতে চিচিটিভি সংলগ্ন কম্পিউটাৰ মনিটৰো ডকাইটৰ দলটোৱে লৈ যায় ৷ 



ঘটনাৰ খবৰ পোৱাৰ লগে লগে মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীয়ে মহকুমাটোত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি পেলাই থৈ যোৱা এটা মোবাইল উদ্ধাৰ কৰিছে যদিও এই পৰ্যন্ত ডকাইটৰ দলটোৰ কোনো সম্ভেদ লাভ কৰা নাই।স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত সংঘটিত এই ডকাইটি কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

No comments