Breaking News

ৰজাঘৰীয়াৰ চৰম অৱহেলাৰ বাবেই পিতৃৰ পৰিচয় দিবলৈ সংকোচ কৰে স্বাধীনতা সংগ্ৰামী মুক্তি যোদ্ধাৰ পুত্ৰই



মৃত্যুঞ্জয় দাস, সোণাৰিঃ কালিলৈ দেশবাসীয়ে পালন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস। ৰাজধানী দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত দিৱসটি উলহ মালহেৰে উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। কিন্তু দেশৰ যিসকল মহান স্বাধীনতা সংগ্ৰামীৰ চৰম ত্যাগ আৰু বলিদানৰ বাবে দেশবাসীয়ে স্বাধীনতা লাভ কৰিলে তাৰে একাংশৰ পৰিয়ালৰ সদস্যয় বৰ্তমান চূড়ান্ত দৰিদ্ৰতাৰ কৱলত পৰি কষ্টৰ মাজেদি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে যদিও ৰজাঘৰীয়া বা প্ৰজা ঘৰীয়া সকলৰ তেওঁলোকৰ খবৰ ৰাখিবলৈ আহৰি নাই। ইয়াৰ বাবে দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অৱদান আগবঢ়োৱা বহু পৰিয়ালে আজি উপেক্ষিত হৈ থাকিব লগা হৈছে। 

 চৰাইদেউ জিলাৰ বিশিষ্ট মুক্তি যোদ্ধা তথা মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক বুদ্ধ বৰুৱাৰ পৰিয়ালটো ইয়াৰ এক জ্বলন্ত উদাহৰণ। মুক্তি যোদ্ধা তথা প্ৰাক্তন বিধায়ক গৰাকীৰ পুত্ৰই বৰ্তমান দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিব লগীয়া হৈছে। 

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বৰচহকী গাঁৱৰ মুক্তিযোদ্ধা বুদ্ধ বৰুৱা বিধায়ক হিচাপে নিৰ্বাচিত হৈ সমষ্টিবাসীক সেৱা আগবঢ়াই গৈছিল। কিন্তু এই মুক্তিযোদ্ধা তথা বিধায়ক গৰাকীৰ পুত্ৰই আজি জৱ কাৰ্ডত কাম বিচাৰিব লগা হয় নহ'লে দিন হাজিৰা কৰিবলৈ গ'লে হে পৰিয়ালটোৰ বাবে অন্ন মুঠি যোগাৰ হয় । বিষ্ণু ৰাভাৰ সৈতে একেলগে স্বাধীনতা আন্দোলনত জপিয়াই পৰা বুদ্ধ বৰুৱাৰ ঘৰলৈ কেইবাবাৰো বিষ্ণু ৰাভা আহিছিল ।  

১৯৭৮ চনত আৰ.চি .পি.আই দলৰ হৈ মাহমৰা সমষ্টিৰ পৰা বিধান সভালৈ নিৰ্বাচিত হৈ যোৱা বিধায়ক বুদ্ধ বৰুৱাৰ পৰিয়ালটোৱে আজি চৰকাৰী সুবিধাৰ পৰা বঞ্চিত ।  চৰকাৰে দিয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰেচন কাৰ্ডেৰে পোৱা চাউল কেইটালৈ অপেক্ষা কৰিব লগা হয় । জৱ কাৰ্ডত কাম নাপালে সোণাৰি, মৰাণ , সাপেখাটিলৈ কাম বিচাৰি যাব লগা হয়  স্বাধীনতা সংগ্ৰামী তথা বিধায়ক গৰাকীৰ পুত্ৰই ।

 নিজকে মুক্তিযোদ্ধা, বিধায়কৰ পুত্র বুলি পৰিচয় দিবলৈ সংকোচ কৰা হৈছে পৰিয়ালটিয়ে। এই কথা কৈ শোক শোক‌াই কান্দিবলৈ ধৰিলে পুত্ৰ দিগন্ত বৰুৱাই । মুক্তিযোদ্ধা তথা প্ৰাক্তন বিধায়ক গৰাকীৰ পৰিয়ালটি লৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে।

No comments