Breaking News

বোকাখাতত পোষণ অভিযান সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা



অজন্তা তালুকদাৰ, বোকাখাত : আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহকুমাধিপতি ডাঃ নেহা যাদৱৰ পৌৰহিত্যত পোষণ অভিযান সম্পৰ্কে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । আগন্তুক ছেপ্তেম্বৰ মাহটোক পোষণ মাহ হিচাপে পালন কৰিবৰ বাবে কেনেধৰণৰ পদক্ষেপ হাতত লোৱা হব সেই বিষয়ে বিস্তাৰিত ভাবে আলোচনা কৰা হয় । মহকুমাধিপতিগৰাকীয়ে  বোকাখাত মহকুমাৰ অন্তৰ্গত ৩৯০ টা অঙ্গনৱাৰী কেন্দ্ৰৰ নিজা মাটি আছে নাই তাৰ  বুজ লয় । ইয়াৰ লগতে শিশু, দুগ্ধপান কৰোৱাই থকা মহিলা তথা গৰ্ভৱতী মহিলাসকলে পুষ্টিকৰ খাদ্য  সামগ্ৰীসমূহ সঠিকভাৱে লাভ কৰিছে নে নাই সেই বিষয়েও বুজ লয় । প্ৰায় ৪০ খন অঙ্গনৱাৰী কেন্দ্ৰত  nutri garden স্থাপন  কৰিবৰ বাবে মহকুমাধিপতিগৰাকীয়ে নিৰ্দেশ দিয়ে । এই ক্ষেত্ৰত মহকুমা কৃষিবিভাগৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ উপস্থিত বিষয়াসকলক সহযোগিতা আগবঢ়াবলৈ মহকুমাধিপতি ডাঃ যাদৱে আহ্বান জনায়। উল্লেখযোগ্য যে, আগন্তক ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে পালন কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত অনলাইন শ্ল'গান  প্ৰতিযোগিতা,কুইজ প্ৰতিযোগিতা আয়োজন কৰিবৰ বাবেও আজিৰ সভাত আলোচনা কৰা হয়। সভাত মহকুমাধিপতি ডাঃ নেহা যাদৱৰ লগতে স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ ,কৃষি বিভাগ,কৃষি বিভাগ ,জনস্বাস্থ্য কাৰীকৰি বিভাগৰ , সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয় ববীয়াসকলৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ  বিষয়-বৱীয়াসকল  উপস্থিত থাকে।

No comments