Breaking News

শিল্পী পেঞ্চন লাভ বোকাখাতৰ দুই প্ৰবীণ শিল্পীৰ



অজন্তা তালুকদাৰ, বোকাখাত : অৱশেষত লাভ কৰিছে শিল্পী পেঞ্চন বোকাখাতৰ দুই প্ৰবীণ শিল্পী ওজা ধনেশ্বৰ শইকীয়া আৰু বায়ন ভলৌ হাজৰিকাই। ২০২০ চনৰ ১৫ আগষ্টত বোকাখাতৰ কুৰুৱাবাহীৰ ওজা ধনেশ্বৰ শইকীয়া আৰু বায়ন ভলৌ হাজৰিকাৰ নাম অসম চৰকাৰে শিল্পী পেঞ্চনাৰ ৰূপে ঘোষনা কৰিছিলে। কিন্তু এবছৰৰ পাৰ হোৱাৰ পাছতো মাহে ৮০০০ টকাকৈ পাব লগা পেঞ্চনৰ এটকাও পোৱা নাছিল। বিগত এটা বছৰত বোকাখাতৰ সাংবাদিক সকলে শিল্পী দুগৰাকীৰ পেঞ্চন প্ৰাপ্তিৰ স্বাৰ্থত ধাৰাবাহিক ভাৱে বাতৰি প্ৰচাৰ কৰিছিলে। বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই ব্যক্তিগত ভাৱেও বিভিন্ন উৎসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। অৱশেষত বোকাখাতৰ মহকুমা জনসংযোগ বিষয়া মামন বৰকটকীয়ে  ডিব্ৰুগড়ৰ সাংস্কৃতিক বিভাগৰ বিষয়া ভনীতা হীৰা দাসৰ সৈতে বুবুল দত্তক পৰিচয় কৰাই দিলে। ভনীতা হীৰা দাসে সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া কিশোৰ ঠাকুৰীয়া দেৱৰ ফোন নম্বৰ দি যোগাযোগৰ পৰামৰ্শ দিয়াৰ লগতে নিজেও বিষয়া গৰাকীৰ সৈতে কথা পাতিলে। এই পথত লগ পোৱা এই তিনিগৰাকী বিষয়াৰ ব্যৱহাৰ , আগ্ৰহ আৰু আন্তৰিক চেষ্টাৰ বাবেই, বিভিন্ন যোগাযোগৰ অন্তত ২৭ আৰু ২৯ আগষ্টত দুয়ো গৰাকী লৈ আহিল পেঞ্চন পত্ৰ। আজি বোকাখাতৰ কোষাগাৰত জমা দিছে তথ্য পাতি।দুয়ো গৰাকীকে কোষাগাৰলৈ নি চা-চিনাকি কৰাই দিছে বোকাখাতৰ  জনসংযোগ বিষয়া মামন বৰকটকীয়ে।বৰকটকীয়ে বিষয় সন্দৰ্ভত কিমান আগ বাঢ়িছিল প্ৰতি দিনেই ফোন কৰি খবৰ লৈছিল।এই তিনিগৰাকী বিষয়াৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি সাংবাদিক বুবুল দত্তই।

তাৰোপৰি বোকাখাতৰ  সাংবাদিক বন্ধু সকলে দুগৰাকী বৰেণ্য শিল্পীৰ প্ৰাপ্তিৰ বাবে চলাই যোৱা সংবাদ সংগ্ৰামৰো সুফল বুলি উল্লেখ কৰি দত্তই তেখেত সকলকো কৃতজ্ঞতা জনায়। সকলোৰে প্ৰচেষ্টাত শিল্পী দুগৰাকীয়ে আশা  এৰি দিয়া পেঞ্চন হাতত তুলি দিব পৰা হ'ল। চৰ্ম কৰ্কট ৰোগী ভলৌ হাজৰিকাই চিকিৎসা অব্যাহত ৰাখিবৰ পাৰিব। লোক শিল্পী ধনেশ্বৰ শইকীয়াই সমাজক সম্ভ্ৰান্ত লোক কলাৰ সূত্ৰ ধৰি আগুৱাই নিব পাৰিব।দুয়ো গৰাকী শিল্পীয়ে পেঞ্চন হাতত তুলি দিয়া লৈকে সহযোগিতা আগ বঢ়োৱা বোকাখাতৰ প্ৰতি গৰাকী সাংবাদিক আৰু তিনিও গৰাকী বিষয়াৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছে।

No comments