Breaking News

মেৰাপানী অঞ্চলৰ কাছমাৰীত এতিয়া কৃষকৰ সেউজীয়া পথাৰত ছিৰাল ফাট

বাবুল দাস,মেৰাপানীঃ ৰাজ্যত এফালে বানৰ তাণ্ডৱ আৰু আনফালে দেখা গৈছে খৰাং সদৃশ পৰিৱেশ। তাৰ মাজতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গোলাঘাট জিলাৰ দৈয়াঙৰ কৃষকৰ মাজত। মূৰৰ ঘাম মাটিত পেলাই খেতি কৰা কৃষকৰ সেউজীয়া পথাৰত সঁজাল ধৰাৰ বিপৰীতে শুকাই যাবলৈ ধৰিছে ধানৰ গেৰ। জলসিঞ্চনৰ অভাৱত এজাক বৰষুণৰ বাবে দিনৰ পাছত দিন ধৰি বৰুণ দেৱতাৰ কৃপা দৃষ্টিলৈ বাট চাব লগাত পৰিছে সৰ্বসাধাৰণ কৃষক। মেৰাপানী অঞ্চলৰ কাছমাৰীত এতিয়া কৃষকৰ সেউজীয়া পথাৰত ছিৰাল ফাট। 

ৰাজ্য চৰকাৰে গোলাঘাটৰ দৈয়াং আৰু সৰুপথাৰ অঞ্চলক খৰাং পীড়িত অঞ্চল ঘোষণা কৰাৰ পাছতো বৰ্তমানলৈকে কৃষকৰ বাবে কোনো ব্যৱস্থা আঁচনি গ্ৰহণ নকৰাত কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে গোলাঘাটৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

No comments